![]()
নিউজ ডেস্কঃ
বিগত কেইটামান মাহত কাশ্মীৰত সন্ত্ৰাসবাদীয়ে সাধাৰণ মানুহ আৰু সেনাৰ ওপৰত চলোৱা আক্ৰমণ তথা হত্যাকাণ্ডৰ মধুৰ প্ৰতিশোধ ল’লে ভাৰতীয় সেনাই। কাশ্মীৰৰ দুই স্থানত এনকাউণ্টাৰত নিহত হয় ৪ উগ্ৰপন্থী।
বৃহস্পতিবাৰে নিশা জম্মু-কাশ্মীৰৰ পুঞ্চৰ ওচৰত ভিম্বাৰ গলিত অনুপ্রবেশ কৰিব বিচৰা সন্ত্ৰাসবাদীৰ ওপৰত আক্ৰমণ চলাই এজনক নিহত কৰে। অক্টোবৰত এই পুঞ্চৰ ভাট্টা ডুৰিয়ান হাবিতে অভিযানত ছহিদ হৈছিল ৯জন জোৱান। আনহাতে, বৃহস্পতিবাৰেই শ্রীনগৰৰ ৰামবাগত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘর্ষত ৩ সন্ত্রাসবাদীৰ মৃত্যু হয়। তাৰে ভিতৰত এজন ‘দ্যা ৰেজিছটেন্স ফ্রন্টৰ (TRF) শীর্ষ স্থানীয় কমাণ্ডাৰ। অন্য এজন হিজবুল মুজাহিদিনৰ সদস্য বুলি আৰক্ষীৰ দাবী।












