![]()
নিউজ ডেস্কঃ
পুষ্টিকৰ গুণৰ বাবে সিদ্ধ কণী উপযুক্ত খাদ্য। সাধাৰণতে পানীত সিদ্ধ কৰিয়ে কণী খোৱা হয়। কিন্তু কেতিয়াবা শুনিছেনে প্রস্রাবত কণী সিদ্ধ কৰাৰ কথা! অবিশ্বাস্য হ’লেও চীনৰ অন্যতম জনপ্রিয় খাদ্য এয়া। বিশেষকৈ বসন্তকালত প্রস্রাবত সিদ্ধ কণীৰ চাহিদা বিপুলভাবে বাঢ়ি যায়।
কিন্তু চীনৰ মানুহে কিয় খায় এনেধৰণৰ কণী?
প্রস্রাবত সিদ্ধ কৰা কণীৰ এই প্রণালীক ‘ভার্জিন বয় এগ’ বোলা হয়। চীনৰ জোজিয়াং প্রদেশৰ ডোংইয়ঙত মূলত এই ‘ভাৰ্জিন বয় এগ’ পোৱা যায়। তাৰ মানুহৰ বাবে প্রস্রাবত সেদ্ধ কৰা কণী অত্যন্ত প্রিয়। ইয়াৰ লগত প্রদেশখনৰ বিশেষ সাংস্কৃতিক সংযোগো আছে। স্থানীয় ভাষাত এই খাদ্যক ‘তোংজি ডেন’ বোলে। ‘বয় এগ’ নামেৰেও পৰিচিত এই খাদ্য।
‘ভার্জিন বয় এগ’ নাম কিয় দিয়া হৈছে এই খাদ্যৰ? কিয়বা প্রস্রাবত সিদ্ধ কৰা হয়?
বসন্তকালত জোজিয়াং প্রদেশত ‘ভার্জিন বয় এগ’ৰ বিপুল চাহিদা থাকে। বসন্তকাল আহিলেই সেয়ে স্কুলৰ ছাত্ৰসকলৰ প্রস্রাব সংগ্রহ কৰা আৰম্ভ হয় তাত। সেই প্রস্রাবত কণী ডুবাই ৰখা হয়। যেহেতু কণী সিদ্ধ কৰিবলৈ অবিবাহিত পুৰুষৰ প্রস্রাব ব্যৱহাৰ কৰা হয় সেয়ে ইয়াৰ নাম ‘ভার্জিন বয় এগ’।
নিউ ইয়র্ক টাইমছৰ এক প্রতিবেদন অনুযায়ী, প্রথমতে কণী প্রস্রাবত সিদ্ধ কৰা হয়। তাৰ পিছত বাকলি এৰুৱাই পুনৰ প্রস্রাবত উতলোৱা হয় যাতে কণীৰ পৰা প্রস্রাবৰ গোন্ধ আহে। স্থানীয় লোকসকলৰ দাবী, ‘ভার্জিন বয় এগ’ৰ ইমান চাহিদাৰ কাৰণ হ’ল, এই খাদ্য খালে হেনো শৰীৰত ৰক্ত সঞ্চালন ভাল হয় আৰু দেহৰ শক্তি বৃদ্ধি পায়। কেৱল সেয়াই নহয়, এই কণী খালে হেনো জ্বৰ আৰু চর্দি ওচৰেই নাচাপে।
যুগ যুগ ধৰি এই প্রথা চলি আহিছে জোজিয়াঙত। বর্তমান সমাজেও উক্ত প্রথাকে স্বীকাৰ কৰি লৈছে। কিন্তু ইয়াৰ কোনো ঔষধি গুণ আছেনে নাই তাত সন্দেহ আছে চিকিৎসকসকলৰ মাজতো। অৱশ্যে স্থানীয় লোকসকলে বিশ্বাস কৰে যে এই খাদ্যৰ বহুত ঔষধি গুণ আছে।












