![]()
নিউজ ডেস্কঃ
অহা ১৫ ডিচেম্বৰৰ পৰা নিয়মিত আন্তর্জাতিক বিমান সেৱা আৰম্ভ কৰাৰ অনুমতি দিলে কেন্দ্রই। শুক্রবাৰে কেন্দ্রীয় অসামৰিক বিমান মন্ত্ৰালয়ৰ এক সূত্রই এই কথা প্ৰকাশ কৰিছে।
অৱশ্যে কোভিড সতর্কতাৰ কাৰণে সম্প্ৰতি ১৪খন দেশলৈ নিয়মিত বিমান যাতায়াত নকৰে। উক্ত ১৪খন দেশৰ তালিকাত আছে বাংলাদেশ, চীন, ব্রিটেইন, ফ্রান্স, জার্মানী, নেদাৰলেণ্ড, ফিনলেণ্ড, দক্ষিণ আফ্রিকা, ব্রাজিল, বৎসোৱানা, মৰিছাছ, নিউজিলেণ্ড, জিম্বাব’ৱে আৰু চিঙ্গাপুৰ।












