মনোজ কুমাৰ পাঠক:
লংকা:হোজাইৰ লংকা-লামডিং সংযোগী ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত হয় এক দুৰ্ঘটনা। পথৰ দাঁতিত থকা কালভাৰ্টত দ্ৰুতবেগী বলেৰ’খনে খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনাতো সংঘটিত হয় । দুৰ্ঘটনাত থিতাতে নিহত হয় গুলচন টেৰণ আৰু মংগল সিং টুকবি
নিহত ব্যক্তি দুজনৰ এজন পেছাত অভিযন্তা। কাৰ্বি আংলং জিলা জলসিঞ্চনৰ বিভাগৰ হামৰেং উপ সংমণ্ডলৰ সহ অভিযন্তা গুলচন টেৰণ( Assistant Executive Engineer) আৰু মংগল সিং টুকবি চতুৰ্থবৰ্গৰ কৰ্মচাৰী । ইতিমধ্যে, ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ লোক । দুৰ্ঘটনাগ্ৰস্ত বলেৰ’খনৰ পঞ্জীয়ন নম্বৰ AS-09-D-6328।
AS 09 D 6328 নম্বৰৰ মহিন্দ্ৰা বলেৰ’ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই লামডিঙৰ পৰা ২৫ কিমি নিলগত কালভাৰ্টৰ ৰেলিঙত খুন্দা মাৰে ৷