![]()
মনোৰঞ্জনঃ
এখন চুটি ছবিয়ে মুক্তিৰ পিছতেই খলকনি লগাইছিল মনোৰঞ্জন ক্ষেত্ৰখনত। KC Digital Films ৰ বেনাৰত নিৰ্মিত “Arranged” শীৰ্ষক চুটি ছবিখনৰ বাবে মনোৰঞ্জন ক্ষেত্ৰখনৰ তৰফৰ পৰা এক নতুন সোঁৱাদ লাভ কৰিবলৈ সক্ষম হৈছিল দৰ্শকে। বিবাহিত এহাল দম্পতীৰ সৰল সহজ আৰু প্ৰেমৰ কথা-বতৰাৰ মাজেৰে নিৰ্মাণ কৰি উলিওৱা এই চুটি ছবিখনৰ দ্বিতীয়টো সংস্কৰণৰ বাবে সাজু হৈছে কাদম্বৰী ক্ৰিয়েচন নামে প্ৰযোজনা গোষ্ঠীটো। শেহতীয়াকৈ নিৰ্মাণ সময়ৰ এটি ‘বিটিএছ’ ভিডিঅ’ দৰ্শকৰ বাবে উলিয়াই দিয়া হৈছে। “Arranged” ৰ প্ৰথমটো সংস্কৰণৰ বহুল সফলতাৰ পিছত এইবাৰ ইয়াৰ দ্বিতীয়টো সংস্কৰণৰ বাবেও আশাবাদী হৈ পৰিছে দৰ্শকৰ পৰা আদি কৰি চুটি ছবিখনৰ সৈতে জড়িত প্ৰতিগৰাকী কলা-কুশলী। উল্লেখ্য যে, “Arranged” ৰ দ্বিতীয়টো সংস্কৰণটো এখন নতুন মুখ দেখিবলৈ পোৱা যাব।
সমুজ্জল কাশ্যপৰ পৰিচালনাৰে নিৰ্মিত চুটি ছবিখনৰ দ্বিতীয়টো সংস্কৰণৰ কাহিনীভাগ লিখিছে নৱপ্ৰজন্মৰ প্ৰতিভা হৰ্ষ সিদ্ধান্তই। পূৰ্বৰ সংস্কৰণটোৰ দৰেই ইয়াত অভিনয় কৰিছে লীমা দাস, ৰঞ্জীৱ লাল বৰুৱা আৰু হৰ্ষ সিদ্ধান্তই। তেওঁলোকৰ সৈতে এইবাৰ ইয়াত নতুনকৈ সংযোজিত হৈছে অভিনেতা উদয়ন দুৱৰা। চুটি ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে নগেন বৈশ্যই আৰু চুটি ছবিখনৰ সম্পাদনা কৰিছে গৌতম মজুমদাৰে। এক কথাত ক’বলৈ গ’লে, “Arranged” ৰ দ্বিতীয় সংস্কৰণৰ বাবে উৎসাহিত আৰু অপেক্ষাৰত দৰ্শক সকল।













