![]()
নিউজ ডেস্কঃ
ঘটনাটো ঝাড়খণ্ডৰ ৰাজধানী ৰাঁচীৰ। দুটা মূৰৰ এটি অস্বাভাৱিক সদ্যোজাত শিশুক হস্পটিলতে এৰি পলায়ন কৰে পিতৃ-মাতৃ। ৰাঁচীৰ ৰাজেন্দ্র ইনষ্টিটিউট অব মেডিৰেল ছায়েন্সেছ (RIMS)ত জন্ম হৈছে শিশুটিৰ। শিশুটি জন্মৰ পিছত আইচিইউত ভর্তি কৰা হয়। সেই সুযোগতেই পলাই যায় পিতৃ-মাতৃ৷
হস্পিটেলত ভর্তি হোৱাৰ সময়ত তেওঁলোকে যি ঠিকনা দিছিল তাত সন্ধান লোৱাৰ পিছত তাত তেনে নামৰ কোনা ব্যক্তি নাথাকে বুলি জানিব পৰা গৈছে। ব্যক্তিজনে দিছিল ভুৱা ঠিকনা অর্থাৎ পিতৃ-মাতৃয়ে আগতে জানিছিল যে তেওঁলোকৰ শিশুটি স্বাভাবিকভাবে জন্ম নহ’ব, বা অন্য কোনো কাৰণত শিশুটিক এৰি থৈ পলোৱাৰ পৰিকল্পনা তেওঁলোকৰ পূৰ্বৰ পৰাই আছিল। বৰ্তমান হস্পিটেলৰ চিকিৎসকসকলেই শিশুটি বচোৱাৰ দায়িত্ব লৈছে। খবৰ দিয়া হৈছে শিশু কল্যাণ কমিটিকো। এটি স্বেচ্ছাসেৱী সংস্থাই শিশুটিক সহায়ৰ বাবে আগবাঢ়ি অহা বুলিও জানিব পৰা গৈছে।













