![]()
নিউজ ডেস্কঃ
বিগত ২৪ ঘণ্টাত দেশত কৰোনাত আক্রান্ত হৈছে ৮ হাজাৰ ১৩৮ জন। কেৰালাত নামিছে পাঁচ হাজাৰৰ তললৈ। ইয়াৰ উপৰি দেশৰ বাকী সকলো ৰাজ্যতেই আক্রান্ত এক হাজাৰৰ তলত আছে। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত মুঠ আক্রান্তৰ সংখ্যা ৩ কোটি ৪৫ লক্ষ ৬৩ হাজাৰ ৭৪৯।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশে মৃত্যু হৈছে ৪৬৫ জন। ইয়াৰ ভিতৰত ৩৮৮ জনেই কেৰালাৰ। মহাৰাষ্ট্রত ৩৪ আৰু তামিলনাডুত ১১। বাকী ৰাজ্যবোৰত ১০ৰ কম। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, এতিয়ালৈকে দেশত মুঠ ৪ লক্ষ ৬৭ হাজাৰ ৯৩৩ জনৰ মৃত্যু হৈছে।
ইফালে বিগত ২৪ ঘণ্টাত সক্রিয় ৰোগী কমিছে ৩ হাজাৰ ১১৪। দেশত বৰ্তমান সক্রিয় ৰোগী আছে ১ লক্ষ ৭ হাজাৰ ১৯ জন।













