![]()
নিউজ ডেস্কঃ
কৰোনাৰ গ্রাফ নিম্নমুখী হ’লেও চিন্তাত ৰাখিছে নতুন প্ৰজাতিয়ে। দক্ষিণ আফ্রিকাত বি.১.১.৫২৯ নামৰ এক প্ৰজাতিৰ সন্ধান পোৱা গৈছে। যাক ‘উদ্বেগজনক’ বুলি ঘোষণা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। ইয়াৰ অন্য নাম দিয়া হৈছে ‘ওমিক্রন’। বেলজিয়ামতো নতুনকৈ এই প্ৰজাতিৰ সন্ধান পোৱা বুলি খবৰ। জানিব পৰা মতে, এই প্ৰজাতি অন্যবিলাকৰ তুলনাত বেছি সংক্রামক।
আনকি টীকাৰ বিৰুদ্ধেও এই প্ৰজাতিয়ে ক্ষতি কৰাৰ ক্ষমতা আছে। এই পৰিস্থিতিত উদ্বিগ্ন ভাৰতো। ইয়াকে লৈ আজি বৈঠকত বহে প্রধানমন্ত্রী নৰেন্দ্র মোদী। দেশৰ সামগ্ৰিক কৰোনা পরিস্থিতি, টীকাকৰণৰ উপৰি এই প্ৰজাতিৰ বিষয়েও বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনা আছে।













