নিউজ ডেস্কঃ
ৰাজস্থানৰ জয়পুৰৰ এখন হোটেলৰ পৰা দুই কোটি টকাৰ হীৰাৰ গহনা আৰু নগদ ৯৫ হাজাৰ টকা চুৰি হয়।
আৰক্ষী সূত্র মতে, মুম্বাইৰ ব্যৱসায়ী ৰাহুল ভাটিয়াৰ কন্যাৰ বিয়াৰ আয়োজন কৰা হৈছিল জয়পুৰৰ এখন হোটেলত। উক্ত হোটেলখনৰ আঠ মহলা ভাটিয়া পৰিয়ালৰ সদস্যসকলে বুক কৰিছিল থকাৰ বাবে। বিয়াৰ আয়োজন কৰা হৈছিল হোটেলৰ লনত।
বৃহস্পতিবাৰে নিশা ভাটিয়া পৰিয়াল যেতিয়া হোটেলৰ লনত বিয়াৰ অনুষ্ঠানত ব্যস্ত আছিল, সেই সময়ত হোটেলৰ কোঠাৰ পৰা হীৰাৰ গহনা আৰু নগদ টকা চুৰি হোৱাৰ অভিযোগ।
গহনা উধাও হোৱাৰ খবৰ অতিথিসকলৰ মাজত বিয়পি পৰাৰ লগে লগেই বিয়াৰ অনুষ্ঠানত হুলস্থুল লাগি যায়। ৰাহুল ভাটিয়াৰ অভিযোগ, হোটেলৰ কোনো কৰ্মচাৰীৰ সহায়তেই গহনা আৰু টকা চুৰি হৈছে। অৱশ্যে হোটেল কর্তৃপক্ষৰ তৰফৰ পৰা এই বিষয়ত কোনো প্রতিক্রিয়া প্ৰকাশ কৰা নাই।
হোটেলৰ সকলো চিচি টিভি ফুটেজ পৰীক্ষা কৰা হৈছে। হোটেলৰ মেনেজাৰ আৰু কৰ্মচাৰীসকলক সোধাপোছা কৰা হৈছে।