![]()
মনোৰঞ্জনঃ
বিগত দিনৰ পৰা ক’ৰোণা দুৰ্যোগৰ ফলত মনোৰঞ্জন ক্ষেত্ৰখন বাৰুকৈয়ে ব্যতিব্যস্ত হৈ পৰিছে; য’ত ছবি সমূহৰ নিৰ্মাণ কাৰ্য স্তব্ধ হৈ পৰিছে তাতেই আকৌ বিগত বৰ্ষৰ পৰা বন্ধ হৈ থকা ছবিগৃহসমূহৰ দুৱাৰখনো এতিয়া ভৱিষ্যতৰ বাবেই বন্ধ হৈ পৰিছে। ক’ৰোণা মহামাৰীয়ে বাৰুকৈয়ে প্ৰভাৱ পেলালে গুৱাহাটীস্থিত কেইবাটাও চিত্ৰগৃহৰ ওপৰত। জনসাধাৰণৰ আৱেগৰ অপ্সৰা ছবিগৃহৰ ভৱিষ্যতৰ বাবে কৰা হ’ল দুৱাৰ বন্ধ। সকলোৰে মৰমৰ অপ্সৰা ছবিগৃহ পৰিৱৰ্তিত হ’ল বিবাহ ভৱনলৈ।
ক’ৰোণা মহামাৰীয়ে ঋণাত্মক প্ৰভাৱ পেলোৱা ফলত অপ্সৰা ছবিগৃহৰ লগতে হাতুৰীৰ কোব পৰিছিল বন্দনা ছবিগৃহৰ ওপৰটো। ক’ৰোণাৰ বাবে ছবিগৃহৰ স্বতাধিকাৰী বহুল হাৰত লোকচানৰ সন্মুখীন হ’বলগীয়া হোৱাৰ বাবেই আচলতে লোৱা হ’ল ছবিগৃহ সমূহ বন্ধ কৰাৰ দৰে এনে সিদ্ধান্ত।













