ছাইদুল ইছলাম:
ডিফুু : বৈঠালাংছʼৰ বুকুয়েদি আৱহমান গতিত বৈ থকা কাৰ্বি লাংপিৰ পাৰত অৱস্থিত বৈঠালাংছʼ কেন্দ্ৰীয় শংকৰ মন্দিৰৰ প্ৰাঙ্গণত দুদিনীয়াকৈ অনুষ্ঠিত হয় ৰাস মহোৎসৱ। এই ৰাস মহোৎসৱৰ খোল-তাৰ-বাঁহীৰ শব্দ আৰু কিশোৰী-যুৱতীৰ সাৱলীল নৃত্য-অভিনয়ে বৈঠালাংছʼত পৰিনত হ’ল দ্বিতীয় বৃন্দাবন। এইবাৰ কʼভিডৰ প্ৰয়োভৰ কিঞ্চিৎ হ্ৰাস পোৱাত ৰাইজে হিলদল ভাগি আহাৰ পৰিলক্ষিত হয় ।
এই ৰাস মহোৎসৱৰ উদ্বোধন কৰি ১ নং দুৱাৰ আমলাৰ পৰিষদীয় সদস্য প্ৰভাত চন্দ্ৰ তাৰʼৱে কয় যে কিশোৰ- কিশোৰীৰ হৃদয়ৰ অটল গহ্বৰত সঞ্চিত প্ৰতিভাৰাজি প্ৰকাশৰ অন্যতম মঞ্চ।
সমূহীয়া আনন্দৰ উপভোগ্য স্থান। বৃন্দাবনত শ্ৰীকৃষ্ণই কৰা যি বিতোপন-বিনন্দীয়া, মাদকতা ভৰা ৰাসলীলা বৈঠালাংছʼ কেন্দ্ৰীয় শংকৰ মন্দিৰৰ প্ৰাংগণত আয়োজিত হৈছে তাৰে পৰা আমাৰ বাৰেবৰণীয়া সংস্কৃতিৰ মজিয়াখনলৈ বিশেষ বাৰ্তা আনিব পাৰে তাৰে কামনা কৰে পৰিষদীয় সদস্য প্ৰভাত চন্দ্ৰ তাৰʼৱে।