![]()
নিউজ ডেস্কঃ
সোমবাৰৰ পৰা আৰম্ভ হ’ব সংসদৰ শীতকালীন অধিবেশন। উক্ত দিনাই ‘সংসদ চলো’ কাৰ্যসূচী লৈছিল কৃষকসকলে। কিন্তু সম্প্ৰতি উক্ত কাৰ্যসূচী বাতিল কৰিলে কৃষক সংগঠনবোৰে।
কাৰণ, জানিব পৰা মতে সোমবাৰে সংসদত তিনি কৃষি আইন প্রত্যাহাৰ বিল উত্থাপন কৰা হ’ব। শনিবাৰে এই সন্দৰ্ভত এক বৈঠকত বহে সংযুক্ত কিষাণ মর্চা। বৈঠকৰ পিছতেই কৃষক নেতা ড. দর্শন পালে জনায়, ‘২৯ নৱেম্বৰৰ ‘সংসদ চলো’ কাৰ্যসূচী পিছুৱাই দিয়া হৈছে। কাৰণ মোদী চৰকাৰে প্রতিশ্রুতি দিছে, উক্ত দিনাই সংসদত কৃষি আইন প্রত্যাহাৰ বিল অনা হ’ব।’
তেওঁ লগতে কয়, ‘আমি কিছু দাবী জনাই প্রধানমন্ত্রীক পত্ৰ দিছো। আমি দাবী কৰিছো, কৃষকসকলৰ বিৰুদ্ধে আৰক্ষীৰ গোচৰ উঠাই লওক। ন্যূনতম সহায়ক মূল্য (এমএছপি) নিশ্চিত কৰা হওক। আন্দোলনত মৃত কৃষকসকলৰ পৰিয়ালক ক্ষতিপূৰণ দিয়া হওক। বিদ্যুৎ বিলো প্রত্যাহাৰ কৰক।’ ডা. দর্শন পালে লগতে কয় যে ৪ ডিচেম্বৰ পর্যন্ত তেওঁলোকে অপেক্ষা কৰিব। তাৰ পিছত পৰৱর্তী পদক্ষেপ ঘোষণা কৰা হ’ব।













