![]()
নিউজ ডেস্কঃ
ওমিক্রনক লৈ উদ্বেগৰ মাজতেই শনিবাৰ, দেওবাৰ— দুয়োটা দিনতেই ৮ হাজাৰৰ ঘৰত থাকিল দেশৰ দৈনিক সংক্রমণ। বিগত ২৪ ঘণ্টাত দেশত আক্রান্ত ৮ হাজাৰ ৭৭৪। মুঠ আক্রান্ত ৩ কোটি ৪৫ লক্ষ ৭২ হাজাৰ ৫২৩। কেৱল কেৰালাতে ৪ হাজাৰ ৭৪১ জন আক্ৰান্ত। মহাৰাষ্ট্রৰ আক্রান্ত ৫০৭। তামিলনাডু আৰু পশ্চিমবঙ্গত ৭০০ৰ ঘৰত।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৬২১ জনৰ। ইয়াৰ ভিতৰত ৫৫৪ জন কেৰালাত। মহাৰাষ্ট্র, তামিলনাডু আৰু পশ্চিমবঙ্গত ১-২০ৰ ভিতৰত। ইফালে বিগত ২৪ ঘণ্টাত সক্ৰিয় ৰোগী কমিছে ১ হাজাৰ ৩২৮। বৰ্তমান দেশত সক্রিয় ৰোগী আছে ১ লক্ষ ৫ হাজাৰ ৬৯১ জন।













