ডিফুঃ
কাৰবি আংলং জিলাৰ ডিমাপুৰ সংযোগী পথত উদ্ধাৰ হৈছে বৃহৎ পৰিমানৰ নিচা যুক্ত টেবলেট ৷ প্ৰাপ্ত খবৰ অনুসৰি দেউবাৰে মাঞ্জা থানা এলেকাৰ ডিমাপুৰ সংযোগী পথৰ হিদিম টেৰণ চাৰিআলি নাইটিংগেল ইংলিছ হাইস্কুলৰ ওচৰত উপৰিদৰ্শক নিলোৎপল দলে, সহকাৰী উপপৰিদৰ্শক জনৈক ৰংপি আৰু সংগীয় ষ্টাফ সহ চলোৱা একা নাকা তালাচীত জব্দ কৰা হয় এই বৃহৎ পৰিমানৰ নিচাযুক্ত কেপচুল ৷
জানিব পৰা মতে নগাঁৱৰ পৰা ডিমাপুৰ অভিমুখে AS021A4962 নম্বৰৰ HYUNDAI I 10 গাড়ীখনত কঢ়িয়াই আনি থকা অৱস্থাত অভি়ানকাৰী দলটোৱে উদ্ধাৰ কৰে নিচাযুক্ত কেপচুল৷ আৰক্ষীয়ে উক্ত গাড়ীখনত তালাচী চলাই 6350 টা নীলা ৰঙৰ ছেমপ্লেক্স নিচা জাতীয় কেপচুল জব্দ কৰিবলৈ সক্ষম হয় ৷
নিচাযুক্ত কেপচুল সমূহ কাৰবি আংলং জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ উপস্থিতিত জব্দ কৰা হয় ৷ উল্লেখিত নিচা জাতীয় কেপচুল সমূহ সৰবৰাহৰ সৈতে জৰিত নগাওঁ জিলাৰ চিনাপট্টিৰ আব্দুল খালেকৰ পুত্ৰ আব্দুল ৰফিকক আটক কৰা হৈছে আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷