![]()
নিউজ ডেস্কঃ
অসম আৰক্ষী আৰু বিএছএফৰ যৌথ অভিযানত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য৷ কৰিমগঞ্জত চলোৱা যৌথ অভিযানত এজন ব্যক্তিৰ পৰা জব্দ কৰা হয় ২.৫৯ লাখ য়াবা টেবলেট নামৰ নিচাযুক্ত দ্ৰব্যবিধ৷ বিএছএফৰ সূত্ৰ মতে, উক্ত নিচাযুক্ত দ্ৰব্যখিনিৰ বজাৰ মূল্য হ’ব ১২.৯৬ কোটি৷
বিএছএফে কৰিমগঞ্জৰ নীলামবজাৰ গাঁৱৰ পূৰ্ব বালিয়া অঞ্চলত উক্ত ড্ৰাগছখিনি থকাৰ সম্ভেদ লাভ কৰিছিল৷ তাৰ পিছতে অসম আৰক্ষীৰ সৈতে অঞ্চলটোত যৌথ অভিযান চলাই ড্ৰাগছখিনি জব্দ কৰে৷ এই সন্দৰ্ভত চাৰিজন লোককো আটক কৰে অভিযানকাৰী দলটোৱে৷













