![]()
ডিফুঃ
আজি সন্ধিয়া বকলীয়াঘাট নগৰত সংঘটিত হোৱা এক শোকাবহ পথ দুৰ্ঘটনাত এটি শিশুকে ধৰি ৬ জন লোক গুৰুতৰভাৱে আহত হয়।
ঘটনাৰ বিৱৰণ অনুসৰি, আজি সন্ধিয়া প্ৰায় পাঁচ বজাত বকলীয়াঘাট থানাৰ সমীপত এএছ-১৯-এ-১৮৯৮ নম্বৰৰ মাৰুতী ৮০০ বাহনখনে বিপৰীত দিশৰপৰা আহি থকা এখন ই ৰিক্সাত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত দুয়োখন বাহনত থকা এটি শিশুকে ধৰি ৬ জন লোক অতি গুৰুতৰভাৱে আহত হয়।
আহত লোককেইজন ক্ৰমে কালে ইংতিপী (৩০), আলন তিমুং (৬), ভম টেৰণ (৩৫), ধীৰেন ৰংহাং (৫০), কৃষ্ণ ৰংহাং (১৬) আৰু গীতা টেৰণপী (৪৫) বুলি চিনাক্ত কৰা হৈছে। আহত লোকসকলক লগে লগে বকলীয়াঘাট প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে আটাইকে ডিফুলৈ প্ৰেৰণ কৰা হয়।













