![]()
নিউজ ডেস্কঃ
শেহতীয়াভাৱে নিটি আয়োগে প্ৰকাশ কৰিছে দেশৰ ৰাজ্যসমূহৰ দাৰিদ্ৰ্য সূচাংক৷ উক্ত সূচাংক অনুসৰি কেৰালা হৈছে দেশৰ ভিতৰত ধনী ৰাজ্য৷ আনহাতে, বিহাৰ হৈছে সকলোতকৈ দুখীয়া ৰাজ্য৷
কেৰালাৰ কোট্টায়াম হৈছে দেশৰ একমাত্ৰ জিলা য’ত দাৰিদ্ৰ্য হাৰ শূন্য৷ অৰ্থাৎ জিলাখনত নাই এজনো দুখীয়া লোক৷ আনহাতে, মুঠ ১৪খন জিলাৰ ভিতৰত ৱায়ানাডৰ সৰ্বাধিক দাৰিদ্ৰ্য হাৰ ৩.৪৮ শতাংশ৷
৮খন জিলাৰ দাৰিদ্ৰ্যৰ হাৰ ১ শতাংশৰ তলত৷ জিলাকেইখন হৈছে এৰ্নাকুলাম (০.১০), কোজিকুড় (০.২৬), ত্ৰিশূৰ (০.৩৩), কন্নুৰ (০.৪৪), পালাক্কাড (০.৬২), আলাপ্পুঝা (০.৭১), কোল্লাম (০.৭২) আৰু পাঠানামট্টিতা (০.৮৩)৷
আনহাতে, ১-২ শতাংশৰ ভিতৰত দাৰিদ্ৰ্য লোক থকা জিলাকেইখন হৈছে কাচাৰগড় (১), তিৰুঅনন্তপুৰম (১.০৮), মাল্লাপুৰাম (১.১১) আৰু ইডুক্কি (১.৬)৷













