![]()
নিউজ ডেস্কঃ
টকাৰ বিনিময়ত ৰণবীৰ সিঙক বলিউডত সুযোগ দিছিল যশৰাজ ফিল্মছে। সম্প্রতি এই দাবী কৰিছে অভিনেতা তথা তথাকথিত ছবি সমালোচক কমল আৰ খানে।
‘বান্টি অউৰ বাবলি ২’ ছবিৰ সমালোচনা কৰিবলৈ গৈ হঠাৎ ৰণবীৰৰ প্রসঙ্গ টানি আনে তেওঁ। সম্পূৰ্ণ দাবী দি তেওঁ কয়, আদিত্য চোপ্ৰাই ৰণবীৰক বলিউডলৈ লৈ অনা নাই। অভিনেতাগৰাকীৰ পিতৃৰ পৰা ২০ কোটি টকা লোৱাৰ বিনিময়তহে তেওঁক নিজৰ ছবিত সুযোগ দিছিল যশৰাজ ফিল্মছে।
উল্লেখ্য, ২০১০ চনত ‘বেণ্ড বাজা বাৰাত’ ছবিৰ জৰিয়তে বলিউডত আত্মপ্রকাশ কৰিছিল ৰণবীৰে। বিট্টু শর্মাৰ চৰিত্রত অভিনয় কৰি লাভ কৰিছিল ভূয়সী প্রশংসা। কিন্তু কমল খানৰ মতে, নিজৰ প্রতিভাৰ বাবে নহয়, আচলতে ধনৰ জোৰতহে বলিউডত নিজৰ স্থান সৃষ্টি কৰিছিল ৰণবীৰে।













