![]()
নিউজ ডেস্কঃ
বিগত ২৪ ঘণ্টাত দেশত কৰোনাত আক্রান্ত হৈছে ৮ হাজাৰ ৩০৯ জন। ইয়াৰ ভিতৰত প্ৰায় চাৰে চাৰি হাজাৰ আক্রান্ত কেৱল কেৰালাত। বাকী সকলো ৰাজ্যতেই দৈনিক আক্রান্ত এক হাজাৰৰ তলত। ইয়াৰ ভিতৰত মহাৰাষ্ট্র, তামিলনাডু আৰু পশ্চিমবঙ্গত আক্রান্তৰ সংখ্যা ৭০০-৮০০ৰ ভিতৰত। বাকী ৰাজ্যবোৰত ৫০০ৰ তলত। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত মুঠ আক্রান্ত হৈছে ৩ কোটি ৪৫ লক্ষ ৮০ হাজাৰ ৮৩২ জন।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত কৰোনাত মৃত্যু হৈছে ২৩৬ জনৰ। ইয়াৰ ভিতৰত ১৫৯ জনেই কেৰালাৰ। মহাৰাষ্ট্রত ৩৩, পশ্চিমবঙ্গত ১২ আৰু তামিলনাডুত ৯ জনৰ মৃত্যু হৈছে। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, এতিয়ালৈকে দেশত মুঠ ৪ লক্ষ ৬৮ হাজাৰ ৭৯০ জনৰ মৃত্যু হৈছে কৰোনাত।
ইফালে বিগত ২৪ ঘণ্টাত সক্ৰিয় ৰোগী কমিছে ১ হাজাৰ ৮৩২। দেশত বৰ্তমান সক্রিয় ৰোগী আছে ১ লক্ষ ৩ হাজাৰ ৮৫৯ জন।













