ডিফুঃ
সমগ্ৰ ৰাজ্যৰ লগতে তিনি পাৰ্বত্য জিলা কাৰবি আংলং আৰু ডিমাহাচাওৰ প্ৰায় আটাইকেইটা উগ্ৰপন্থী সংগঠনে স্বাক্ষৰিত শান্তি চুক্তিৰ জৰিয়তে মূল সূতিলৈ ঘূৰি আহিছে, চেনে সময়তে শেহতীয়াকৈ বোকাজান মহকুমাত অবৈধ অস্ত্ৰসহ এগৰাকী মহিলা আটক হোৱা ঘটনাত পাহাৰীয়া জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
দেউবাৰে নিশা বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত বোকাজান থানা অ’চি মৌবলিক ব্ৰক্ষ্ম, খটখটী থানা অ’চি মৃদুল ৰুদ্ৰ পাল, খাটখটী থানা ষ্টাফ, এপিআৰজি ষ্টাফ আৰু বোকাজান চিআৰপিএফ জোৱানৰ সহযোগত খটখটী আৰক্ষী থানা এলেকাৰ টিলা বস্তিত গোপন খবৰৰ ভিত্তিত এক আভিযান চলায় ৷
অভিযানকাৰী দলটোৱে শিখা দেৱনাথ নামৰ এজনী মহিলাৰ ঘৰত অভিযানত চলাই এটা .32mm পিষ্টল আৰু তিনিজাই সক্ৰিয় গুলি আৰু এটা মেগজিন উদ্ধাৰৰ লগতে মহিলাগৰাকীক আটক কৰে।
আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মহিলা গৰাকী ড্ৰাগচ ব্যৱসায়ৰ লগত জড়িত।
আটকাধিন মহিলা গৰাকীয়ে পিষ্টলটো কিয় আনি ঘৰত ৰাখিছিল সেই সন্দৰ্ভত খটখটী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।