![]()
নিউজ ডেস্কঃ
অৱশেষত লোকসভাত গৃহীত হ’ল কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক৷ বিৰোধীৰ প্রবল হুলস্থূলৰ মাজতে লোকসভাত ধ্বনিভোটত গৃহীত হয় কৃষি আইন প্রত্যাহাৰ বিধেয়ক।
কৃষি আইন সন্দৰ্ভত আলোচনাৰ দাবীত শীতকালীন অধিবেশনৰ আজি প্ৰথমদিনাৰ আৰম্ভণিতেই বিৰোধীয়ে কৰা হুলস্থূলৰ বাবে সংসদৰ দুই সদনৰেই অধিবেশন দিনৰ ১২ বজা পৰ্যন্ত স্থগিত ৰখা হয়।
পুনৰ ১২ বজাত অধিবেশনৰ আৰম্ভণিৰ লগে লগেই ‘কৃষি আইন প্রত্যাহাৰ বিধেয়ক, ২০২১’ উত্থাপন কৰে কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰে। লগে লগেই সেয়া ধ্বনিভোটত গৃহীত হয়। কৃষি আইনৰ ওপৰত বিৰোধীয়ে কৰা আলোচনাৰ দাবী নাকচ কৰে চৰকাৰে।













