![]()
নিউজ ডেস্কঃ
পশ্চিমবংগৰ পশ্চিম মেদিনীপুৰৰ চন্দ্রকোনা ১ নম্বৰ ব্লকৰ এখন বিদ্যালয়ৰ একাদশ শ্রেণীৰ কেইজনমান ছাত্র-ছাত্রীয়ে শ্ৰেণীকোঠাতেই দিয়ে চিগাৰেটত সুখটান। উক্ত ঘটনাৰ ভিডিও ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগেই তৎকালীন ব্যৱস্থা লয় স্কুল কর্তৃপক্ষই। ছয় মাহৰ বাবে ছাত্র-ছাত্রীকেইজনক শ্ৰেণীৰ পৰা বহিষ্কাৰ কৰা হয়। অৱশ্যে ভৱিষ্যতৰ কথা ভাবি তেওঁলোকক পঞ্জীয়ন আৰু পৰীক্ষাত বহাৰ অনুমতি দিয়া হ’ব বুলি জনাইছে স্কুলখনৰ অধ্যক্ষই।
ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিওত দেখা গৈছে যে স্কুলৰ পোছাকত শ্ৰেণীকোঠাত বহিয়েই চিগাৰেট হুপিছেছে দুগৰাকী ছাত্রীয়ে। কেইজনমান ছাত্রও সেই সময়ত তাত উপস্থিত আছিল। চিগাৰেট খোৱাৰ লগতে অশ্লীল অংগী-ভংগীও কৰা দেখা যায় তেওঁলোকক।
ভিডিওটো ভাইৰেল হোৱাৰ পিছতেই সমালোচনাৰ জোৱাৰ উঠে। ইয়াৰ পিছতেই শ্ৰেণীকোঠাত চিগাৰেট খোৱা ঘটনাত অভিযুক্ত চাৰি শিক্ষাৰ্থীৰ অভিভাৱকক স্কুললৈ মাতি পঠোৱা হয়।













