![]()
নিউজ ডেস্কঃ
ক্রমে উদ্বেগ বঢ়াইছে কৰোনাৰ নতুন প্রজাতি ওমিক্রনে। আৰু তাৰ বাবেই কোনো বিপদ মূৰ পাতি ল’ব বিচৰা নাই কেন্দ্রই। আগতীয়াকৈ জাৰি কৰিলে সতর্কতা। কেন্দ্ৰৰ নিৰ্দেশনা, বিদেশৰ পৰা অহা যাত্রীসকলে পূৰ্বৰ ১৪ দিনৰ ট্ৰেভেল হিষ্ট্ৰী জমা দিব লাগিব। অর্থাৎ দেশলৈ অহাৰ পূৰ্বৰ ১৪ দিন ক’লৈ ক’লৈ গিছিল সেয়া জনাব লাগিব। লগতে পূৰ্বৰ দৰেই কোভিড নেগেটিভ ৰিপোৰ্টো বাধ্যতামূলক।
কেৱল সিমানেই নহয়। আৰু কিছু নিয়ম-বিধিও জাৰি কৰিছে কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ে। নতুন গাইডলাইন অনুসৰি, যিবোৰ দেশত ওমিক্রনক লৈ বিপদাশংকা আছে, সেইবোৰ দেশৰ পৰা আহিলে কেৱল কোভিড নেগেটিভ ৰিপোর্টেই যথেষ্ট নহ’ব। সাত দিনৰ কোৱাৰেন্টাইনো বাধ্যতমূলক। ১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব এই নতুন নিয়ম।
বিদেশৰ পৰা অহা যাত্রীসকলে আৰটিপিচিআৰ পৰীক্ষাৰ নেগেটিভ ৰিপোর্ট জমা দিব লাগিব। যাত্রাৰ পূৰ্বৰ ৭২ ঘণ্টাৰ ভিতৰত কৰাব লাগিব উক্ত পৰীক্ষা। ৰিপোর্ট ভুৱা হ’লে উক্ত ব্যক্তিৰ বিৰুদ্ধে অপৰাধৰ গোচৰো তৰা হ’ব।
উল্লেখ্য, ১২খন দেশক সম্প্ৰতি ‘বিপদ পূর্ণ’ বুলি ধৰা হৈছে। দেশকেইখন হৈছে দক্ষিণ আফ্রিকা, ব্রাজিল, বৎসোৱানা, বাংলাদেশ, ব্রিটেইন, চীন, মৰিছাছ, নিউজীলেণ্ড, জিম্বাব’ৱে, ছিঙ্গাপুৰ, হংকং, ইজৰাইল। এই দেশকেইখনৰ পৰা যিসকল আহিব, তেওঁলোকে দেশৰ বিমানবন্দৰত অৱতৰণৰ পিছত পুনৰ পৰীক্ষা কৰাব লাগিব। উক্ত ৰিপোর্টৰ বাবে বিমানবন্দৰত বহিয়েই অপেক্ষা কৰিব লাগিব। ৰিপোর্ট পালেহে বিমানবন্দৰৰ পৰা ওলাব পাৰিব, নহ’লে কানেকটিং ফ্লাইট ধৰিব পাৰিব।
বিমানবন্দৰত ৰিপোর্ট নেগেটিভ আহিলেও পৰৱৰ্তী সাত দিন বাধ্যতামূলকভাবে কোৱাৰেন্টাইনত থাকিব লাগিব। তাৰ পিছত অষ্টমদিনা পুনৰ কোভিড পৰীক্ষা কৰাব লাগিব। ৰিপোর্ট পুনৰ নেগেটিভ আহিলেও নিজৰ ওপৰত দৃষ্টি ৰাখিব লাগিব। আনহাতে, বিমানবন্দৰত কাৰোবাৰ ৰিপোর্ট পজিটিভ আহিলে লগে লগে তেওঁক আইছ’লেচনলৈ পঠোৱা হ’ব।













