![]()
ডিফুঃ
সমগ্ৰ ৰাজ্যত নৱ প্ৰজন্মক পংগু কৰিবলৈ ধৰা বৰবিহ সদৃশ নিষিদ্ধ ড্ৰাগছৰ পৰা নৱ প্ৰজন্মক উদ্ধাৰ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্বশৰ্মাৰ নিৰ্দেশ মৰ্মে অসম আৰক্ষীয়ে এক প্ৰকাৰ জিহাদ ঘোষণা কৰি ইটোৰ পিছত সিটো সফলতা লাভ কৰা পৰলক্ষিত হৈছে ৷ ইয়াৰ পিছতো পাহাৰীয়া জিলা কাৰবি আংলংৰ সীমান্তঞ্চলত আৰক্ষী -ড্ৰাগছ মাফিয়াৰ নেউলৰ-সাপৰ যুঁজখন অব্যাহত আছে ৷
ড্ৰাগছ সৰবৰাহকাৰী সকলে জিলাখনৰ সীমান্ত পথক নিৰাপদ ক’ৰিডৰ হিচাপে ব্যৱবহাৰ কৰি আহিছে যদিও আৰক্ষীয়ে সৰবৰাহকাৰীৰ প্ৰতিটো ন, ন কৌশল দক্ষতাৰে ব্যৰ্থ কৰি আহিছে ৷ সোমবাৰে অবৈধ ড্ৰাগছ সৰবৰাহকাৰীৰ আন এক নতুন কৌশলক প্ৰতিহত ককি দুগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীৰ অন্তৰ্বাসৰ পৰা দুই কোটিৰো অধিক টকাৰ নিষিদ্ধ হেৰইন ৷
আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি এক গোপন সূত্ৰৰ আধাৰত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ বৰপথাৰ থানাৰ অচিক দুগৰাকী মহিলাই অন্তৰ্বাসত লুকুৱাইএখন বাছত সন্দেহযুক্ত নিচাযুক্ত দ্ৰব্য আনি থকাৰ খবৰ দিয়ে ৷ তৎক্ষণাত বৰপথাৰ থানাৰ অ’চি ধ্ৰুৱজ্যোতি বৰা, উপপৰিদৰ্শক মৃদুল ৰুদ্ৰ পাল ‘সংগীয় ষ্টাফ আৰু চিআৰপিএফৰ সহায়ত বোকাজানৰ খকৰাজানাত নাকা তালাচী লগায় ৷আৰু বোকাজানৰ বৰপথাৰ আৰক্ষীৰ নাকা উদ্ধাৰ হয় চেকিংত বৃহৎ পৰিমানৰ ড্ৰাগছ ৷
AS 12AC 3477 নম্বৰৰ ডিমাপুৰ গোলাঘাট অভিমুখী DK নামৰ বাছ খনৰ পৰা 330 গ্ৰাম পৰিমাণৰ ড্ৰাগছ খিনি উদ্বাৰ কৰে ৷ ড্ৰাগছ খিনি ২৫ টাকৈ চাবোনৰ বাকচত ভৰাই অতি কৌশলগতভাবে অন্তৰ্বাসৰ ভিতৰত ভিতৰত সুমুৱাই সৰবৰাহ কৰিছিল দুগৰাকী মহিলাই ৷
ধৃত মহিলা দুগৰাকী হৈছে নিহা পাদুন আৰু ডিন নৰহ ৷ মহিলা দুগৰাকীৰ ঘৰ ধেমাজীত বুলি জানিব পৰা গৈছে ৷ মহিলা দুগৰাকীক আটক কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷













