![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : সমগ্ৰ দেশ কঁপাই যোৱা অভি-নীলৰ ঘটনাৰ আজিও গোচৰ সমাপ্ত হোৱা নাই। এই সন্দৰ্ভত অভি-নীলৰ পিতৃদ্বয়ে সংবাদ মাধ্যমৰ ওচৰত প্ৰকাশ কৰে যে, “আমি চলিত বৰ্ষতে গোচৰটো সমাপ্ত হ’ব বুলি ভাবিছিলো যদিও অহা বৰ্ষতহে গোচৰটো সমাপ্ত হ’ব।২০১৮ বৰ্ষৰ পৰা এই গোচৰটো ২০২২ বৰ্ষ পাবগৈ।”
গোচৰটো পলম হোৱাৰ ক্ষেত্ৰত ৩ টা কাৰকে ক্ৰীড়া কৰিছে বুলি ইতিমধ্যে প্ৰকাশ কৰা হৈছে। ইয়াৰ ভিতৰত প্ৰথমটো হৈছে মহামান্য আদালতৰ নিৰ্দেশ লাভ কৰাৰ পিছতো সাক্ষী সকল সঠিক সময়ত সাক্ষ্যদান কৰিবলৈ নাহে। দ্বিতীয়টো হৈছে, ক’ভিডজনিত জটিল পৰিস্থিতি আৰু তৃতীয়টো হৈছে আমাৰ বিপক্ষৰ অধিবক্তাৰ হেমাহী।
উল্লেখ্য যে, আজিৰ দিনটোতো চাৰিজনক সাক্ষী প্ৰদানৰ নিৰ্দেশ দিয়া হৈছিল যদিও দুজন লোকেহে সাক্ষ্যদান কৰে। চলিত মাহৰ ২০ আৰু ২১ তাৰিখে পুনৰ সাক্ষ্যগ্ৰহণৰ তাৰিখ পৰিছে। তেওঁলোকে কয় যে- “আমি ৪টাকৈ তাৰিখ বিচাৰিছিলো। কিন্তু দুটাহে তাৰিখ লাভ কৰিছোঁ। বৰ্তমানলৈকে ৬৩ জনে সাক্ষ্যদান কৰিলে যদিও আৰু ৮ জনমানে সাক্ষ্যদান কৰিবলৈ আছে।
অভি-নীলৰ পিতৃদ্বয়ে সংবাদ মাধ্যমৰ জৰিয়তে এই বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ ক্ষেত্ৰত ন্যায়ালয়ৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰে। ২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলঙৰ মনোৰম দৃশ্য উপভোগ কৰি উভতি অহাৰ পথত ডকমকাত একাংশ লোকে বৰ্বৰভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিছিল নিলোৎপল দাস আৰু অভিজিৎ নাথক । এই ঘটনা সংঘটিত হোৱাৰ পিছতেই কেৱল অসমতেই নহয় এই নাৰকীয় ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছিল সাত সাগৰ তেৰ নদীৰ সিপাৰৰ ৰাছিয়াতো ।
ঘটনা সংঘটিত হোৱাৰ পিছত কাৰ্বি আংলং আৰক্ষীয়েও তৎপৰতাৰে ৪৭ জনকৈ অভিযুক্তক আটক কৰি অতি কম সময়ৰ ভিতৰতেই আদালতত দাখিল কৰিবলৈ সক্ষম হৈছিল অভিযোগনামা । নিলোৎপল, অভিজিতৰ পৰিয়ালৰ লোকৰ এক আবেদনৰ ভিত্তিত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া ডিফু আদালতৰ বিপৰীতে নগাঁও আদালতত আৰম্ভ হৈছিল ।













