![]()
নিউজ ডেস্কঃ
মহিলাগৰাকীৰ মুখত মুখ থৈ আদৰ কৰিছিল গৰুটোৱে। তেতিয়াৰ পৰাই মহিলাগৰাকীৰ ভাব হয় যেন মৃত স্বামীৰ পুনর্জন্ম হৈছে গৰুৰ ৰূপত। সেই অনুভূতি গভীৰ হৈ অহাৰ লগে লগে পলম নকৰে তেওঁ। বিয়া পাতি লয় গৰুটোকে। সম্প্রতি এই আজৱ ঘটনা ঘটিছে দক্ষিণ-পূব এছিয়াৰ দেশ কম্বোডিয়াত।

কম্বোডিয়াৰ ক্রাতি প্রদেশৰ বাসিন্দা খিম হাং। ৭৪ বছৰীয়া বৃদ্ধাগৰাকীৰ স্বামীৰ মৃত্যু হৈছে যোৱা বছৰ। ইয়াৰ মাজতেই এটি দমৰাই তেওঁৰ মুখ ৰওচৰলৈ মুখ আনি আদৰ কৰিছিল। মহিলাগৰাকীৰ দাবী, দমৰাটোৱে তেওঁক চুম্বন কৰিছিল। তাৰ পিছৰ পৰাই খিমৰ ভাব হয়, এই গৰুটোৱেই তেওঁৰ মৃত স্বামী। সেই ভাব মনলৈ অহাৰ পিছতেই গৰুটোক বিয়া কৰায় ৭৪ বছৰীয়া খিমে। গাঁওবাসীও উপস্থিত থাকে খিমৰ সৈতে গৰুটোৰ বিয়াত।
গৰুটোক বিয়া কৰাই নিজৰ লগতে ৰাখিছে খিমে। নিয়মিত স্নান কৰোৱা, খোৱাৰ যত্ন লোৱাৰ লগতে স্বামী হিচাবেই তেওঁ যত্ন লৈছে গৰুটোৰ। আনকি আৰামত শুবৰ বাবে নৰম বিছনা-গাৰুৰো ব্যৱস্থা কৰিছে গো-ৰূপী ‘স্বামী’ৰ বাবে।













