![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
যোৰহাটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। উদণ্ড লোকে মৰিয়াই মৰিয়াই হত্যা কৰিলে এজন ছাত্ৰ নেতাক। যোৰহাটত আছু এই নেতাৰ হত্যাৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
এটা সৰু ঘটনাক কেন্দ্ৰ কৰি ৫০ জন উদণ্ড লোকে মৰিয়াই মৰিয়াই হত্যা কৰিলে ছাত্ৰ নেতাজনক। উল্লেখ্য যে এই ঘটনাত মৃত্যু হৈছে অনিমেষ ভূঞা নামৰ এজন যুৱকৰ। জানিব পৰা মতে উন্মত লোকসকলক প্ৰহাৰত মৃত্যু হোৱা অনিমেষ খুমাটাইৰ এগৰাকী উদিয়মান ছাত্ৰ নেতা।
তেওঁ আছিল ডেৰগাওঁৱ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক।আনহাতে,যোৰহাটৰ মাজমজিয়াত সংঘটিত হোৱা এই ঘটনাত আহত হৈছে খুমটাইৰ প্ৰতিদিম টাইমৰ সাংবাদিক মৃদুস্মন্ত বৰুৱা। এজন লোকক সহায় কৰিবলৈ গৈ এইদৰে উন্মত লোকৰ হাতত প্ৰহিত হবলগীয়া হৈছিল।
এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে এতিয়ালৈকে তিনিজন লোকক। যোৰহাটৰ আৰক্ষী অধীক্ষকে এই ঘটনাৰ সৈতে জড়িত প্ৰতিজন লোককে চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সদৰি কৰিছে।













