![]()
মনোৰঞ্জনঃ
গোৱাত অনুষ্ঠিত ’52nd International Film Festival of India’ ত ‘স্পেচিয়েল মেঞ্চন’ সন্মানেৰে সন্মানিত হ’ল অসমীয়া অভিনেত্ৰী আইমী বৰুৱাৰ দ্বাৰা পৰিচালিত আৰু অভিনীত ছবি ‘চেমখৰ’ ক। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ লগতে জনপ্ৰিয় অভিনেতা মনোজ বাজপেয়ীয়ে এই বঁটা প্ৰদান কৰে অভিনেত্ৰী গৰাকীক।
‘চেমখৰ’ ছবিখন ডিমাচা সম্প্ৰদায়ৰ সাংস্কৃতিক আৰু পৰম্পৰাগত দিশ লগতে তেওঁলোকৰ ঐতিহ্যক উপস্থাপন কৰি নিৰ্মাণ কৰা হৈছে ৷ চেমচা জনজাতিৰ জীৱনক লৈ নিৰ্মিত এই ছবিখন ডিমাচা ভাষাতেই শ্বুটিং কৰা হৈছে। শেহতীয়াকৈ বঁটা লাভ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ সমূহ জনসাধাৰণক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে অভিনেত্ৰী আইমী বৰুৱাই।













