![]()
নিউজ ডেস্কঃ
যোৰহাটত সংঘটিত বৰ্বৰ কাণ্ডক লৈ শেহতীয়াকৈ ৰাজ্যজুৰি খলকনিৰ সৃষ্টি হৈছে। মানুহৰ হাততেই মানুহৰ অপমৃত্যু, ৰাজ্যত অভি-নীলৰ দৰে অনুৰূপ mob lynching ৰ ঘটনা সংঘটিত হৈছে এইবাৰ যোৰহাটত। এচাম উদণ্ড লোকৰ বৰ্বৰতাৰ বাবে এজন সম্ভাৱনাময় যুৱক গোলাঘাটৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অনিমেষ ভূঞাৰ মৃত্যু ঘটিল। উক্ত ঘটনাটোৰ বাবে চচিয়েল মিডিয়াটো আৰম্ভ হৈছে ভাৰ্চুৱেল প্ৰতিবাদৰ, দোষীক উচিত শাস্তি প্ৰদানৰ বাবে মনোৰঞ্জন ক্ষেত্ৰখনৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাইও পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে। তেওঁ পোষ্ট যোগে কয় যে,
” যোৰহাটৰ এই ঘটনাটোৱে কঁপাই তুলিলে। কেনেকৈ হব পাৰিলে এনে এটা ঘটনা দিন দুপৰতে, ভাবি ভাবি আচৰিত হৈ পৰিছো। যিহেতু সেই মানৱ ৰূপী দানৱ কেইজনৰ মুখ কেইখন স্পষ্টকৈ ওলাইছে, এটা ঐতিহাসিক সিদ্ধান্ত লোৱা যাওক যে এনেধৰণৰ mob lynching আৰু দুনাই এই অসমত কৰিবলৈ কোনো সাহস নকৰক।
অসহনীয়, লাজ পাইছোঁ, ধিক্কাৰ দিছোঁ।”













