![]()
নিউজ ডেস্কঃ
কোভিডত আক্রান্ত হৈ হস্পিটেলত মৃত্যুৰ পিছত ৰোগীৰ মৃতদেহ পৰিয়ালক গতাই দিয়াৰ সলনি নিজেই সৎকাৰ কৰিছে প্রশাসনে। অতিমাৰি কালত দেশৰ বিভিন্ন প্রান্তত ঘটিছে এই ঘটনা। কিন্তু কোভিডত মৃত্যুৰ প্রায় ডেৰ বছৰ পিছত এটা পৰিয়ালে জানিব পাৰে যে তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ মৃতদেহতো সৎকাৰ হোৱাই নাই, ওলোটাকৈ হস্পিটেলৰ মর্গত পচি আছে। সম্প্রতি এই ঘটনা ঘটিছে বেঙ্গালুৰুত।
যোৱা বছৰ জুলাই মাহত ৪০ বছৰীয়া দুর্গা সুমিতা আৰু ৫০ বছৰীয়া মণিৰাজু কোভিডত আক্রান্ত হৈছিল। সেই সময়ত কোভিড আক্রান্তৰ সংখ্যা বহু বেছি হোৱা বাবে হস্পিটেলত অভাৱ আছিল বিছনাৰ। বহু হস্পিটেল ঘূৰাৰ পিছত তেওঁলোকক ভর্তি কৰোৱা হৈছিল বেঙ্গালুৰুৰ ৰাজাজিনগৰত অৱস্থিত ইএছআই হস্পিটেলত। কেইদিনমান তাত চিকিৎসা চলাৰ পিছত তাতেই দুয়োৰে মৃত্যু হয়।
চৰকাৰী নিয়ম অনুযায়ী সেই সময়ত বৃহৎ বেঙ্গালুৰু মহানগৰ পালিকা (বিবিএমপি) আৰু হস্পিটেল কর্তৃপক্ষই মৃতদেহ তেওঁলোকৰ পৰিয়ালক দিয়া নাছিল বুলি জনায় দুৰ্গাৰ পৰিয়ালে। কোভিড সংক্রমণৰ ভয় থকাত মৃতদেহ সৎকাৰ কৰা বুলি জনোৱা হৈছিল হস্পিটেলৰ পৰা।
এই ঘটনাৰ পিছত প্রায় ডেৰ বছৰ পাৰ হৈ যায়। সম্প্রতি দুর্গাৰ আত্মীয়ক ফোন কৰিছিল হস্পিটেল কর্তৃপক্ষই। ফোন কৰি জনাইছিল যে দুর্গা আৰু মণিৰাজুৰ মৃতদেহ সৎকাৰ হোৱা নাই। মৃত্যুৰ পিছৰ পৰা মৃতদেহ দুটা মর্গতেই আছে। বিষয়টোক লৈ ইতিমধ্যে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ তদন্তও আৰম্ভ হৈছে।













