![]()
নিউজ ডেস্কঃ
ক্রমে উদ্বেগ বঢ়াইছে কৰোনাৰ নতুন প্রজাতি ওমিক্রনে। দক্ষিণ আফ্রিকাত প্রথম ইয়াৰ সন্ধান পোৱা যায়। তাৰ পৰাই ক্রমাৎ বিয়পিছে বহু দেশলৈ। কিমান সংক্রামক নতুন এই প্রজাতি, ইয়াৰ বিৰুদ্ধে টীকা কিমান কার্যকৰী, এইবোৰক লৈ গৱেষণা চলিছে। কিন্তু এই প্রোটিন স্পাইকৰ ৩০ বাৰ বিয়োজন ঘটিছে। সেয়ে স্বাভাবিকভাবেই উদ্বেগত বিশেষজ্ঞসকল। বহুতেই কৈছে, ডেল্টা প্রজাতিতকৈও ভয়ঙ্কৰ হ’ব পাৰে এই ওমিক্রন।
কিন্তু প্রশ্ন হ’ল, ওমিক্রনৰ সংক্রমণ কেনেদৰে বুজি পোৱা যাব? ইয়াৰ উপসর্গ কি? দক্ষিণ আফ্রিকাৰ চিকিৎসক ডাঃ এঞ্জেলিক কোৱেটজিৰ দাবী, এই ভাইৰাছৰ উপসর্গ অতি মৃদু। তেওঁ কয়, ‘নতুন ৰূপৰ দ্বাৰা সংক্রমিত ৰোগীসকলৰ মাজত অপৰিচিত উপসর্গ দেখা গৈছে।’
আন এগৰাকী চিকিৎসকে জনোৱা মতে, ইয়াৰ তেনে কোনো লক্ষণ নাই। বহু ৰোগী এই প্রজাতিত আক্রান্ত হৈ ঘৰত থাকিয়েই সুস্থ হৈছে।
এই প্ৰজাতিত আক্ৰান্ত হ’লে খুব ক্লান্ত লাগে ৰোগীসকলৰ। ডিঙি, পেশীত বিষ হয়। শুকান কাহ হৈছে বহুতৰে। তাপমাত্রাও বৃদ্দি হৈছে শৰীৰৰ। ডেল্টাতকৈ উপসর্গ বহুখিনি পৃথক।













