![]()
নিউজ ডেস্কঃ
শোচনীয় বায়ু মানৰ মাজতে সোমবাৰৰ পৰা স্কুল খুলিল দিল্লীত। খোলা হ’ল চৰকাৰী কাৰ্যালয়ো। কিন্তু নির্মাণকাৰ্যত স্থগিতাদেশ এতিয়াও জাৰি থকা বুলি জনাইছে দিল্লীৰ পৰিবেশমন্ত্রী গোপাল ৰায়ে।
উল্লেখ্য, বায়ু প্ৰদূষণৰ বাবে নৱেম্বৰৰ মাজভাগত কমিছন ফৰ এয়াৰ কোৱালিটি মেনেজমেণ্টে কিছু নির্দেশনা জাৰি কৰিছিল। তাৰ ফলতে দিল্লী এনচিআৰৰ সকলো শিক্ষা প্রতিষ্ঠান বন্ধ হৈছিল।
আনহাতে, পৰৱর্তী নির্দেশনা জাৰি নোহোৱালৈকে বন্ধ থাকিব নির্মাণক্ষেত্রৰ কাম-কাজ। অৱশ্যে প্ৰদূষণ নোহোৱা কাম, যেনে নলকূপ খনন, ইণ্টেৰিঅ’ৰ ডেক’ৰেচন, ইলেকট্রিক বা কাঠৰ কাম-কাজ চলাব পাৰিব।
জৰুৰী আৰু গুৰুত্বপূর্ণ সেৱা-ক্ষেত্রৰ বাহিৰে ট্রাক প্ৰৱেশৰ ক্ষেত্ৰতো নিষেধাজ্ঞা থাকিব ৭ ডিচেম্বৰ পর্যন্ত।













