![]()
নিউজ ডেস্কঃ
তিনি দিন ৮ হাজাৰৰ ঘৰত থকাৰ পিছত দেশৰ দৈনিক সংক্রমণ মঙ্গলবাৰে নামিল ৬ হাজাৰৰ ঘৰলৈ। বিগত ২৪ ঘণ্টাত দেশত আক্রান্ত হৈছে ৬ হাজাৰ ৯৯০ জন। বিগত ২৪ ঘণ্টাত কেৰালাত সংক্রমিত হৈছে ৩ হাজাৰ ৩৮২ জন। মহাৰাষ্ট্র, তামিলনাডু আৰু পশ্চিমবঙ্গত ৫০০-১০০০ৰ ভিতৰত। বাকী ৰাজ্যবোৰত ৫০০ৰ কম। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত মুঠ আক্রান্তৰ সংখ্যা ৩ কোটি ৪৫ লক্ষ ৮৭ হাজাৰ ৮২২ জন।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত কৰোনাত মৃত্যু হৈছে ১৯০ জন। ইয়াৰ ভিতৰত ১১৭ জন কেৰালাৰ। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, এতিয়ালৈকে দেশত মুঠ মৃত্যু হৈছে ৪ লক্ষ ৬৮ হাজাৰ ৯৮০ জনৰ।
ইফালে বিগত ২৪ ঘণ্টাত দেশত সক্রিয় ৰোগী কমিছে ৩ হাজাৰ ৩১৬ জন। দেশত বৰ্তমান সক্রিয় ৰোগী আছে ১ লক্ষ ৫৪৩ জন।













