![]()
নিউজ ডেস্কঃ
আছু নেতা অনিমেষ ভূঞাৰ শোকাৱহ মৃত্যুত গভীৰ শোক প্ৰকাশ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ইতিমধ্যে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুই দুৰ্ভগীয়া পৰিয়ালটোক সাক্ষাৎ কৰিছে৷
ঘটনাৰ বিচাৰ ফাষ্টট্ৰেক আদালতৰ জৰিয়তে কৰি দোষীসকলক শীঘ্ৰে শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিবলৈও প্ৰশাসনক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷ আৰক্ষীক দোষীসকলৰ বিৰুদ্ধে এমাহৰ ভিতৰত চাৰ্জশ্বীট দাখিলৰো নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷
লগতে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙক ব্যক্তিগতভাৱে উক্ত ঘটনাৰ তদন্ত প্ৰক্ৰিয়া তদাৰক কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে৷ অনিমেষ ভূঞাৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷













