নিউজ ডেস্কঃ
কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰে আজি সংসদত কয় যে কৃষক বিক্ষোভত কিমানজন কৃষকৰ মৃত্যু হৈছে সেই পৰিসংখ্যা নাই। গতিকে সাহায্য দিব নোৱাৰে কেন্দ্ৰই৷
সংসদৰ শীতকালীন অধিবেশনৰ আৰম্ভণিৰ দিনাই তিনি কৃষি আইন প্রত্যাহাৰ বিধেয়ক গৃহীত হয়। বিৰোধীৰ আলোচনাৰ দাবী নস্যাৎ কৰি চাৰি মিনিটতে বিধেয়কখন গৃহীত কৰায় মোদী চৰকাৰে। তাকে লৈ তীব্র ক্ষোভ প্রকাশ কৰিছে আন্দোলনকাৰী কৃষকৰ পৰা বিৰোধীলৈকে।
কাৰণ তেওঁলোকে আইন প্রত্যাহাৰৰ উপৰি ন্যূনতম সহায়ক মূল্য (এমএছপি) নিশ্চিত কৰা, বিক্ষোভৰ সময়ত মৃত্যু হোৱা কৃষকসকলৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰো দাবী তুলিছিল। এই সন্দৰ্ভত আজি সংসদত প্রশ্ন কৰা হয় কৃষিমন্ত্রীগৰাকীক। বিগত এটা বছৰ ধৰি বিক্ষোভ চলি থকা সময়ত দিল্লী সীমান্তত যিসকল কৃষকৰ মৃত্যু হৈছিল তেওঁলোকৰ পৰিয়ালক কিমান ক্ষতিপূৰণ দিয়া হ’ব। উত্তৰত কেন্দ্রীয় কৃষিমন্ত্রীয়ে কয়, ‘কেন্দ্রীয় কৃষি মন্ত্ৰালয়ৰ ওচৰত কৃষকৰ মৃত্যু সন্দৰ্ভত কোনো পৰিসংখ্যা নাই। গতিকে সাহায্যৰ প্রশ্নই নুঠে।’