নিউজ ডেস্কঃ
ফেচবুকত অখিলেশ যাদৱৰ নামত বিতর্কিত পোষ্ট কৰাৰ বাবে ফেচবুক চিইও মার্ক জুকাৰবার্গৰ বিৰুদ্ধে দাখিল কৰা হৈছে এফআইআৰ। উত্তৰ প্রদেশৰ কনৌজ জিলাৰ এখন আদালতত এই সংক্রান্তীয় গোচৰ ৰুজু কৰা হৈছে। গোচৰত নাম আছে জুকাৰবার্গসহ প্ৰায় ৫০ জনৰ। জুকাৰবাৰ্গে নিজে সমাজবাদী পার্টিৰ মুৰব্বী অখিলেশ যাদৱৰ বিৰুদ্ধে কোনো ‘মানহানিকৰ’ পোষ্ট নকৰিলেও তেওঁৰ কোম্পানীৰ প্লেটফর্ম ব্যৱহাৰ কৰিয়েই বিতর্কিত তথা মানহানিকৰ পোষ্টটি কৰা বাবে তেওঁৰ ওপৰত গোচৰ ৰুজু কৰা হৈছে।
গোচৰ তৰিছে কনৌজ জিলাৰ সৰাহাতি গাঁৱৰ বাসিন্দা অমিত কুমাৰে। তেওঁৰ অভিযোগ, অখিলেশ যাদৱৰ নামত ফেচবুকত দিনৰ পিছত দিন ধৰি মানহানিকৰ পোষ্ট কৰা হৈছে।
কনৌজ জিলাৰ আৰক্ষী বিষয়াসকলে অভিযোগ পোৱাৰ পিছত তদন্ত আৰম্ভ কৰিছে।অৱশ্যে ৫০ জন অভিযুক্তৰ তালিকাৰ পৰা মার্ক জুকাৰবার্গৰ নাম বাদ দিয়া হৈছে।