নিউজ ডেস্কঃ
বিগত পাঁচ বছৰত ছয় লাখৰো বেছি ভাৰতীয়ই নাগৰিকত্ব এৰি দিছে। মঙ্গলবাৰে লোকসভাত এই তথ্য জনায় কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে। এই তথ্য বিদেশ মন্ত্ৰালয়ৰ।
এক লিখিত প্রশ্নৰ উত্তৰত তেওঁ লিখিতভাবে এই কথা জনায়। তথ্য অনুসৰি, ২০১৭ চনত ১,৩৩,০৪৯ জন, ২০১৮ চনত ১,৩৪,৫৬১ জন, ২০১৯ত ১,৪৪,০১৭ জন, ২০২০ চনত ৮৫,২৪৮ আৰু ৩০ ছেপ্টেম্বৰ, ২০২১ পর্যন্ত ১,১১,২৮৭ জন ভাৰতীয়ই নাগৰিকত্ব এৰিছে৷