![]()
নিউজ ডেস্কঃ
জন্ম নিয়ন্ত্রণৰ লগতে বিভিন্ন যৌন ৰোগৰ সংক্রমণ ৰোধৰ প্রাথমিক অস্ত্ৰ কণ্ডোম যদিও ইয়াৰ ব্যৱহাৰত তীব্র অনীহা ভাৰতীয়সকলৰ। কণ্ডোমসহ যিকোনো ধৰণৰ নিৰোধ ব্যৱহাৰতেই আপত্তি প্রায় ৫৭ শতাংশ ভাৰতীয়ৰ। বিশ্ব এইডছ দিৱস (১ ডিচেম্বৰ) প্রকাশিত এক সমীক্ষাত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য।
ব্যক্তিগত পৰিচ্ছন্নতা আৰু যৌন স্বাস্থ্য সন্দৰ্ভত কাম কৰা গুৰুগ্রামৰ এটি জনপ্রিয় সংস্থাই দেশজুৰি চলোৱা উক্ত সমীক্ষাত অংশগ্ৰহণ কৰিছিল ২৫ হাজাৰৰ অধিক লোকে। মুম্বাই, চেন্নাই, দিল্লী, আগৰতলাসহ দেশৰ অধিকাংশ বৃহৎ চহৰত চলোৱা হৈছিল এই সমীক্ষা। সমীক্ষাৰ তথ্য অনুযায়ী, যিকোনো ধৰণৰ নিৰোধ ব্যৱহাৰ কৰিবলৈ সকলোতকৈ অনীহা আহমেদাবাদত আৰু আটাইতকৈ বেছি আগ্রহ দিল্লীত।
আনহাতে, ১৯-৬০ বছৰীয়া মানুহৰ মাজত চলোৱা সমীক্ষাৰ তথ্য অনুযায়ী, অতিমাৰিকালত লকডাউনৰ বাবে একেলগে থকাৰ সময় বৃদ্ধি পালেও যৌন মিলনৰ সময় বৃদ্ধি হোৱা নাই অধিকাংশ ক্ষেত্রতেই। ৬১.৭ শতাংশ যুগলে এই কথা জনাইছে।
৬৪ শতাংশ মানুহে জনাইছে যে তেওঁলোকে কোনো ধৰণৰ ডেটিং এপ ব্যৱহাৰ কৰা নাই। কিন্তু অতিমাৰিত ‘ছেক্স টয়’ৰ ব্যৱহাৰ বৃদ্ধি পাইছে প্রায় ১৬ শতাংশ।












