![]()
নিউজ ডেস্কঃ
শনিবাৰে পুৱা উত্তৰ অন্ধ্রপ্রদেশ–ওড়িশা উপকূলত কোবাব পাৰে ঘূৰ্ণীবতাহ জোৱাদে। তাৰ প্রভাৱত বৰষুণত প্লাবিত হ’ব বংগ। লগতে হ’ব পাৰে তীব্ৰ গতিত ধুমুহা। শুক্রবাৰৰ পৰাই বতৰ সলনি হ’বলৈ আৰম্ভ কৰিব। সেয়ে দুর্যোগৰ আশঙ্কাত অহা ৩ আৰু ৪ ডিচেম্বৰত সতর্কতামূলক ব্যৱস্থা আৰু যাত্রীৰ সুৰক্ষাৰ কথা ভাবি ৯৫খন মেইল আৰু এক্সপ্রেছ ৰে’ল বাতিল কৰা হৈছে। জানিব পৰা মতে, শুক্রবাৰে হাওৰা আৰু সাঁতৰাগাছিৰ পৰা একাধিক ৰে’ল বাতিল কৰা হৈছে।
আলিপুৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পূর্বাভাস মতে, দক্ষিণ থাইলেণ্ডৰ ঘূৰ্ণীবতাহ নিম্নচাপত পৰিণত হৈছে। যি ক্রমশ দক্ষিণ আন্দামান সাগৰত প্ৰৱেশ কৰিব। বৃহস্পতিবাৰে ইয়াৰ শক্তি বৃদ্ধি হৈ গভীৰ নিম্নচাপৰীপে পশ্চিম আৰু উত্তৰ–পশ্চিম দিশে অগ্ৰসৰ হৈ ক্রমশ দক্ষিণ–পূব, পূব–মধ্য বঙ্গোপসাগৰত অৱস্থান কৰিব। তাতেই শক্তি সঞ্চয় কৰি ঘূৰ্ণীবতাহত পৰিণত হ’ব এই গভীৰ নিম্নচাপ। শনিবাৰে পুৱা ই উত্তৰ অন্ধ্রপ্রদেশ অথবা ওড়িশা উপকূলত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা। জোৱাদৰ প্রভাৱত উত্তাল হ’ব সমুদ্র। মৎস্যজীৱীসকলক সমুদ্রলৈ যোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। যিসকল বৰ্তমান সমুদ্রত আছে তেওঁলোকক আজিৰ ভিতৰতে উভতি অহাৰ নিৰ্দেশ দিয়া হৈছে।












