![]()
নিউজ ডেস্ক
২ ডিচেম্বৰৰ পৰা পুনৰ অনির্দিষ্টকালৰ বাবে বন্ধ হ’ব দিল্লীৰ সকলো স্কুল। বায়ু প্ৰদূষণ কিছু কমাত খোলা হৈছিল শিক্ষা প্ৰতিষ্ঠানবোৰ৷ কিন্তু ৰাজধানী দিল্লীৰ প্ৰদূষণ পুনৰ বৃদ্ধি পোৱাত ছুপ্রিম কোর্টে কঠোৰ ভাষাৰে সমালোচনা কৰাত আকৌ বন্ধ দিবলগা হ’ল স্কুল। দিল্লী প্রশাসন, কেন্দ্র আৰু দিল্লীৰ প্রতিবেশী ৰাজ্যবোৰক বায়ু প্ৰদূষণ ৰুধিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ ২৪ ঘণ্টাৰ শেষ সময়সীমা দিছিল ছুপ্রিম কোৰ্টে। নির্দেশ দিয়া হৈছিল কল-কাৰখানা আৰু যান-বাহনৰ পৰা সৃষ্ট প্ৰদূষণ ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ। এই দুটা কাৰণতেই ৰাজধানীৰ বর্তমান দুৰৱস্থা বুলি জনাইছিল আদালতে।
আনহাতে, কেজৰিৱাল চৰকাৰক ভৰ্ৎসনা কৰি ছুপ্রিম কোৰ্টে কয়, ‘প্রাপ্তবয়স্কসকলে ঘৰৰ পৰা কাম কৰিছে আৰু তিনি-চাৰি বছৰীয়া শিশুসকল স্কুললৈ গৈছে! আপোনাৰ চৰকাৰৰ কাম তদাৰক কৰিবলৈ এজনক নিয়োগ কৰা হ’ব।’
উল্লেখ্য, বায়ু প্ৰদূষণ কিছু কমা বুলি চৰকাৰে উল্লেখ কৰি যোৱা সোমবাৰৰ পৰা দিল্লীত পুনৰ স্কুল খোলা হয়। কিন্তু পুনৰ বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্রা। তাৰ উপৰি শীর্ষ আদালতৰ ধমকত স্কুল বন্ধ কৰিবলগা হ’ল। যিমান দিনলৈকে পৰিস্থিতিৰ উন্নতি নহয়, সিমান দিনলৈকে অনলাইনতেই চলিব পঢ়া-শুনা।












