![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰে’লৰ ভিতৰতেই এগৰাকী যাত্রীৰ প্রসৱ কৰালে ৰে’ল বিভাগৰ চিকিৎসক আৰু স্বাস্থ্যকর্মীয়ে। অবধ-অসম এক্সপ্রেছৰ ভিতৰত বুধবাৰে গভীৰ নিশা ৰীণা কুমাৰী নামৰ এগৰাকী যাত্রীয়ে সন্তান প্ৰসৱ কৰে। আত্মীয়ৰ সৈতে তিনিচুকীয়াৰ পৰা মুজফ্ফৰপুৰলৈ গৈ আছিল ৰীণা। মাজ ৰাস্তাতেই তেওঁৰ প্রসৱ বেদনা আৰম্ভ হোৱাত টিটিইৰ জৰিয়তে নিউ বঙাইগাঁও ষ্টেচনলৈ খবৰ যায়। তাৰ পিছতেই ৰে’ল বিভাগে চিকিৎসক আৰু স্বাস্থ্যকর্মীৰ এটি দল পঠাই দিয়ে ৰে’লখনলৈ। তেওঁলোকৰ সহায়তেই অস্ত্রোপচাৰ নকৰাকৈয়ে প্রসৱ কৰে ৰীণাই। তেওঁৰ প্রসৱৰ বাবে কিছু সময় ৰে’লখন নিউ বঙাইগাঁও ষ্টেচনত ৰখাবলগা হয়। মাতৃ আৰু সন্তান দুয়োৱেই শাৰীৰিকভাবে সুস্থ থকাত পুনৰ উক্ত ৰে’লতেই মুজফ্ফৰপুৰ উদ্দেশ্যে ৰাওনা হয়।
ৰে’ল বিভাগৰ সূত্ৰ মতে, নিশা ১.১০ বজাত নিউ ৰে’লখন বঙাইগাঁও ষ্টেচনত প্ৰৱেশ কৰাৰ পিছত স্বাস্থ্যকর্মীসকলে এছ-২ দবাৰ ৭৯ নম্বৰ আসনত ৰীণাৰ সন্তান প্রসৱ কৰোৱায়।













