![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : নগাঁৱৰ হয়বৰগাঁও আৰক্ষীয়ে আজি সন্ধিয়া এক গোপন সূত্ৰৰ পম খেদি দক্ষিণ হয়বৰগাঁৱৰ পৰা হেৰ’ইনসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰীজন হৰেন্দ্ৰ মুদৈ ওৰফে কালীয়া (৪৫) বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে মুদৈৰ বাসগৃহত তালাচী চলাই হেৰ’ইন ভৰ্তি ২০টা কণ্টেনাৰ জব্দ কৰিবলৈ সক্ষম হয়।













