![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : নগাঁও আৰক্ষীয়ে অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে ৷ ঠগ-প্ৰৱঞ্চকৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী, অবৈধ মাৰাণাস্ত্ৰ সৰবৰাহকাৰীয়ে তিঘিলঘিলাই থকা নগাঁৱত শেহতীয়াভাৱে আৰক্ষীয়ে অপৰাধ ঘটনাৰ বিৰুদ্ধে চলোৱা অভিযানত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। এই অভিযানৰ অংশ হিচাপে ১ ডিচেম্বৰৰ জিলাখনৰ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত ৰমনি পথাৰৰ পৰা বুজন পৰিমাণৰ জালনোটসহ জালনোট প্ৰস্তুত কৰা সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় ৷ এই সন্দৰ্ভত আৰক্ষীয়ে ছাদ্দাম হুছেইন (২৭)নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা নেতৃত্বত যোৱা আৰক্ষীৰ দলে গোপন সুত্ৰৰ পম খেদি ছাদ্দাম হুছেইনৰ ঘৰত অভিযান চলাই এই সফলতা লাভ কৰে ৷ আৰক্ষীয়ে ছাদ্দাম হুছেইনৰ ঘৰৰ পৰা ৭৫২খন ৫০০ টকীয়া জাল নোট, জালনোট প্ৰস্তুত কৰা মেচিন, তিনি ডোখৰ সন্দেদ জনক সোণ, ছটা মোৱাইল ফোন, এটা ষ্টেব্লেজাৰ, ইনভাৰটাৰসহ বেটাৰী, ৪৩,৯৪০ টকা আৰু আনকেতবোৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে এই সন্দৰ্ভত অধিক তথ্য আহৰণৰ বাৱে ছাদ্দাম হুছেইনক জেৰা অব্যাহত ৰাখিছে ৷













