![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
গোৱালপাৰাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।দুখন বাহনৰ মুখামুখি সংঘৰ্ষত নিহত হৈছে ৫জনকৈ লোক।এখন ইয়ন আৰু ছুইফট ডিজায়াৰ বাহনৰ মাজত সংঘটিত হৈছে এই মুখামুখি সংঘৰ্ষ।
এই ভয়ংকৰ দুৰ্ঘটনাগ্ৰস্ত দুয়োখন বাহনৰ নম্বৰ ক্ৰমে এএছ ০১ ডিইউ ১৪২৬ আৰু এএছ ২৩ এম ৬৫০১। ঘটনাস্থলীত ইতিমধ্যে স্থানীয় লোক আৰু আৰক্ষী উপস্থিত হৈছে। স্থানীয় লোকৰ অভিযোগ যে এঘন্টা পলমকৈ ঘটনাস্থলীত উপস্থিত হয় এম্বুলেন্সৰ লগতে আৰক্ষীৰ লোক।













