![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
বিটিআৰৰ ভুৱা টেট শিক্ষকৰ বিৰুদ্ধে প্ৰথমখন অভিযোগনাম আদালতত দাখিল চি আই ডিৰ। চিআইডি ১০/২০২১নং গোচৰ ধাৰা ১২০(বি)/৪২০/৪৬৭/৪৬৮/৪৭১ অধীনত শুকুৰবাৰে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ১১৭৫ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰে। অভিযোগনামাত ১০৬জন সাক্ষী আৰু ৩৮টাকৈ মেটেৰীয়েল সন্নিবিষ্ট কৰিছে।
চিআইডিৰ ফালৰ পৰা সংবাদ মাধ্যমক অৱগত কৰা অনুসৰি ৪০গৰাকী অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামাত উল্লেখ আছে। ৩৩গৰাকী ভুৱা টে’ট উৰ্ত্তীণৰ প্ৰমাণ-পত্ৰৰে নিযুক্তি প্ৰাপ্ত শিক্ষক আৰু ৭গৰাকী মধ্যভোগী দুৰ্নীতিৰ মাষ্টাৰমাইণ্ড।
উল্লেখ্য যে, ৭গৰাকী মধ্যভোগীৰ এজন চৰকাৰী স্বীকৃতি প্ৰাপ্ত কলেজৰ অধ্যাপক, ৩গৰাকী ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু ৩গৰাকী অন্য ব্যক্তি। গুৰুত্বপূৰ্ণ কথা, গোচৰ ৰুজু হোৱাৰ ৬০দিনৰ ভিতৰত অভিযোগনামা দাখিল কৰা হৈছে।
ইফালে, অভিযোগনামা দাখিল কৰা ৪০অভিযুক্ত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে। চিআইডিয়ে গ্ৰেপ্তাৰ কৰা ৪০ অভিযুক্ত কামৰূপ(গ্ৰাম্য), চিৰাং, ওদালগুৰি, নগাঁও আৰু হোজাই জিলাৰ।













