![]()
নিউজ ডেস্কঃ
কিয় তেওঁ ভূমিষ্ঠ কৰালে? কিয় তেওঁৰ মাকক প্রসৱৰ অনুমতি দিয়া হৈছিল? এই অভিযোগ তুলি মাতৃৰ চিকিৎসকৰ বিৰুদ্ধে কোটি টকাৰ গোচৰ তৰিলে এগৰাকী যুৱতীয়ে। উক্ত গোচৰত জয়লাভো কৰে তেওঁ। এই কস্মিনকালেও নঘটা ঘটনাই এতিয়া চৌদিশে তীব্ৰ খলকনি তুলিছে।
এভি টোম্বিছ নামৰ ব্রিটেইনৰ কুৰি বছৰীয়া যুৱতী গৰাকীয়েই তেওঁৰ মাতৃৰ চিকিৎসকৰ বিৰুদ্ধে এই গোচৰ তৰে। কিন্তু কিয়?
দ্য ছানৰ প্রতিবেদন অনুযায়ী, শাৰীৰিক দুর্বলতা লৈ জন্ম হৈছে এভিৰ। জন্মৰ পৰাই স্পাইনা বিফিডা নামৰ ৰোগত আক্রান্ত যুৱতীগৰাকী। মেৰুদণ্ডৰ এই অসুখৰ বাবে কেতিয়াবা কেতিয়া ২৪ ঘণ্টাই টিউবৰ সহায়ত চলা-ফুৰা কৰিবলগা হয় এভিয়ে। আৰু এই ব্যাধিৰ বাবেই চিকিৎসক ফিলিপ মিচেলক আদালতৰ কাঠগড়াত থিয় কৰায় এভিয়ে।
এভিৰ অভিযোগ, অন্তঃসত্ত্বা অৱস্থাত তেওঁৰ মাতৃক সঠিক পৰামর্শ দিয়া নাছিল চিকিৎসকে। যদি তেওঁ মাতৃ ক’লেহেঁতেন যে তেওঁৰ সন্তান স্পাইনা বিফিডাত আক্রান্ত হ’ব পাৰে, আৰু সেই সম্ভাৱনা কমাবলৈ ফলিক এচিডযুক্ত খাদ্য আৰু ঔষধ খোৱা প্রয়োজন, তেনেহ’লে হয়তো তেওঁৰ এই অৱস্থা নহ’লহেঁতেন। বা তেওঁক জন্ম দিব নিবিচাৰিলেহেঁতেন তেওঁৰ মাতৃয়ে।
এইটো এটা নজিৰবিহীন গোচৰ বুলি উল্লেখ কৰে লণ্ডন হাইকোৰ্টে। আ্হাতে, এভিৰ যুক্তিক সমর্থন কৰিয়েই অৱশেষত চিকিৎসকক বিপুল পৰিমাণৰ ধন জৰিমনাৰ নির্দেশ দিয়ে আদালতে।












