![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
নগাঁও : “সন্মান যদি মৰমেৰে গঢ়া হয় তেতিয়া সেই সন্মানে হৃদয়ত এক বিশেষ ঠাই পায়। মই যিখিনি কৰিছো সম্পূৰ্ণ আন্তৰিকতা আৰু নিষ্ঠাৰে কৰিছো। মানুহক আগত ৰাখি মই প্ৰতিটো কাম দায়ৱদ্ধতাৰে কৰিছো। সেয়ে মানুহৰ সৈতে সংযোজিত হৈ থকাটো বিচাৰো।” এই মন্তব্য সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট লেখিকা ৰীতা চৌধুৰীৰ। নগাঁও চহৰস্থিত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় সভাকক্ষত আজি ৰাজ্যৰ অগ্রণী প্ৰকাশন প্ৰতিষ্ঠান ৰণাংগন প্ৰকাশনে প্ৰদান কৰা ‘ৰণাংগন সন্মান-২০২১’ গ্ৰহণ কৰি বিশিষ্ট লেখিকা ৰীতা চৌধুৰীয়ে এনেদৰে মনৰ ভাব প্ৰকাশ কৰি লগতে কয় যে জীৱন, অভিজ্ঞতা আৰু সমাজ পৰিৱর্তনে যি শিকাইছে সেই সকলো কথা মই লিখনীৰ মাজেৰে ধৰি ৰাখিব বিচাৰিছো। জীৱনৰ স্তৰে স্তৰে গভীৰৰ পৰা গভীৰতৰ হৈ থকা জীৱনবোধ, জীৱন বীক্ষা আৰু জীৱন সম্পৰ্কে গঢ় লোৱা ধাৰণা উপন্যাসৰ মাজেৰে কবলৈ চেষ্টা কৰো। আনহাতে নিজৰ জীৱনেৰে বুজি আৰু নিজে পৃথিৱীখন দেখি হোৱা উপলব্ধিৰ বিষয়ে উল্লেখ কৰি লেখিকাগৰাকীয়ে কয় : “যিকোনো পৰিস্হিতিত জীৱনৰ স্পৃহা হেৰুৱাই পেলোৱা উচিত নহয়।” প্ৰসংগ ক্ৰমে তেওঁ আৰু কয় যে প্ৰকৃতিৰ মাজত থাকি আৰু ভালপোৱাৰ হাতত ধৰি আমি যদি জীয়াই থাকিবলৈ নিশিকো তেতিয়া জীৱন বহু কঠিন হৈ পৰিব।
আনহাতে মানুহৰ মৰমৰ মাজত জীয়াই থকাৰ বাহিৰে আৰু অন্য আকাংক্ষা নাই বুলি উল্লেখ কৰি বিশিষ্ট লেখিকাগৰাকীয়ে আৰু কয় যে মানুহৰ জীৱনটো তেনেই চুটি । এই সিমিত সময়ৰ ভিতৰত যিখিনি পাৰো মানুহৰ কল্যাণৰ বাবে কৰিব চেষ্টা কৰিম। মই চিনি পোৱা কল্যাণৰ পথটোৱেদি আহি আছো আৰু শেষলৈকো যাম। প্ৰকৃতি আৰু ভালপোৱাক আমি দুহাতেৰে যেতিয়ালৈকে ধৰি ৰাখিম তেতিয়ালৈকে সঁচা অৰ্থত জীয়াই থাকিম।
আনহাতে বিশিষ্ট লেখিকাগৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মণিকাঞ্চন সংযোগৰ বিষয়ে উল্লেখ কৰি অসমখনক শংকৰ-মাধৱৰ দেশ হিচাপে আগবঢ়াই নিয়াৰ পোষকতা কৰে। আনহাতে অসম আন্দোলনৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়: “অসম আন্দোলনৰ সময়ত আমি যি আত্মীয়তাৰে বান্ধ খাইছিলো সি আমাৰ ভিতৰত এটা গৰিমামণ্ডিত আৰু মহত্বৰ বাট দেখুৱাইছিল।” কবি মদাৰজ্যোতি বৰাই আঁত ধৰা আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰচাৰক তথা লেখক-চিন্তাবিদ শংকৰ দাস, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড: মৃণাল কুমাৰ বৰা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা, নগাঁও জিলা সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱা, ৰণাংগন সপ্তাহিক কাকতৰ সম্পাদনা উপদেষ্টা শিৱপ্ৰসাদ বৰা, পৰিচালন সঞ্চালক সঞ্জীৱ বৰা আৰু সম্পাদক মিন্টু দাস উপস্থিত থকা অনুষ্ঠানটিত বিশিষ্ট লেখিকা গৰাকীক চলিত বৰ্ষৰ ‘ৰণাংগন সন্মান’ প্ৰদান কৰা হয় । উক্ত সন্মানৰ বাবদ বিশিষ্ট লেখিকা গৰাকীলৈ এটি স্মাৰক, প্ৰশস্তি পত্ৰ, শৰাই, অংগ বস্ত্ৰ আৰু নগদ ১০ হেজাৰ টকা আগবঢ়োৱা হয়।
আনহাতে অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে অংশ গ্ৰহণ কৰি লেখক- চিন্তাবিদ শংকৰ দাসে অসমৰসমূহ জনজাতি আৰু জন গোষ্ঠীক সাঙুৰি বৰ অসম গঢ়াৰ পোষকতা কৰে। আনহাতে সময়ৰ লগে লগে সাহিত্য আৰু সমাজৰ পৰিবৰ্তনৰ বিষয়ে উল্লেখ কৰি দাসে কয় যে সাহিত্য সাধনা কৰা সকলে সমাজৰ প্ৰতি দায়িত্ব পালন কৰিব লাগিব । সমাজক আগবঢ়াই নিবৰ বাবে সাহিত্য ডাঙৰ সম্পদ। অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা আৰু নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাই ৰীতা চৌধুৰীক ৰণাংগন বঁটা প্ৰদান কৰাত সন্ত্তষ্টি প্ৰকাশ কৰে। উক্ত অনুষ্ঠানত নাছবিন চালমা হুছেইনৰ ‘শিক্ষাৰ নীতি’ শীৰ্ষক গ্ৰন্হখন উন্মোচন কৰে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড: মৃণাল কুমাৰ বৰাই।













