![]()
নিউজ ডেস্কঃ
ওমিক্রন আক্রান্তৰ সন্দেহত ১২ জনক দিল্লীৰ লোকনায়ক জয়প্রকাশ নাৰায়ণ হস্পিটেলত (এলএনজিপি) ভর্তি কৰোৱা হয়। তেওঁলোকে প্রত্যেকে বিদেশৰ পৰা উভতি অহা। ১২ জনৰ ভিতৰত ১০ জনৰ কোভিড পৰীক্ষাৰ ৰির্পোট পজিটিভ আহিছে, বাকী দুজনৰ শৰীৰত কৰোনাৰ লক্ষণ দেখা গ’লেও তেওঁলোকৰ এতিয়াও পৰীক্ষা হোৱা নাই।
বৃহস্পতিবাৰে আঠজনক কোভিড আক্রান্ত সন্দেহত হস্পিটেলত ভর্তি কৰোৱা হয়। শুক্রবাৰে পুৱা আৰু চাৰিজনক ভর্তি কৰোৱা হৈছে। এই চাৰিজনৰ ভিতৰত দুজন ইংলেণ্ডৰ পৰা আহিছে। বাকী দুজনৰ এজন ফ্রান্স আৰু অন্যজন নেদাৰলেণ্ডৰ পৰা ভাৰতলৈ আহিছে। এই ১২ জনৰ জিনোম ছিকুয়েন্স পৰীক্ষা কৰি চোৱা হ’ব, কৰোনাৰ কোনটো ৰূপত তেওঁলোকৰ আক্রান্ত। কেন্দ্রৰ নির্দেশ অনুযায়ী ওমিক্রন আক্রান্তৰ সন্দেহত ৰোগীকেইজনক এলএনজিপি হস্পিটেললৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়।
সংবাদ সংস্থা পিটিআইৰ সূত্ৰ মতে, জয়পুৰত একেই পৰিয়ালৰ ৯ জনৰ কোভিড আক্রান্তৰ খবৰ পোৱা গৈছে। তেওঁলোকৰ ভিতৰত ৪জন আগদিনা দক্ষিণ আফ্রিকাৰ পৰা উভতিছে।












