![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হয় দহ মাহ দহ দিন গৰ্ভত ৰাখি জন্ম দিয়া সন্তানৰ বাবে আজি চকুলো টুকিব লগীয়া হৈছে পিতৃ-মাতৃয়ে। পিতৃ-মাতৃ বৃদ্ধ হোৱা লগে-লগে যেন এলাগি হৈ পৰে সন্তানৰ বাবে। কেতিয়াবা যদি বৃদ্ধাশ্ৰমৰ আলহী কেতিয়াবা আকৌ পদ পথৰ ভিক্ষাৰী হ’বলগীয়া হয় সেই বৃদ্ধ পিতৃ-মাতৃ।
হয় ভালকৈ মন কৰক এই বৃদ্ধা মাতৃগৰাকীলৈ। শৰীৰত আঘাট লৈ কি দৰে লংকা আৰক্ষী থানাৰ চৌহদত উপস্থিত হৈ আৰক্ষীৰ সহায় বিচৰাৰ লগতে সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত ন্যায় বিচাৰি চকুলো টুকিছে অসহায় মাতৃগৰাকীয়ে। নিজে জন্ম দিয়া সন্তানৰ হাতৰ পৰা মাতৃগৰাকীয়ে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ আহ্বান জনাইছে আৰক্ষী তথা সংবাদ মাধ্যমক।
ঘটনাৰ স্থান লংকাৰ এক নং পিপলপুখুৰী ছয় নং ৱাৰ্ডৰ। বৃদ্ধা মাতৃগৰাকীৰ আছে দুজনকৈ পুত্ৰ সন্তান। এজনৰ নাম সঞ্জয় দেবনাথ আৰু আনজনৰ নাম অপ্পু দেবনাথ। ইয়াৰে সঞ্জয় দেবনাথ অমায়িক আৰু শান্ত স্বভাবৰ হোৱাৰ বিপৰীতে অপ্পু দেবনাথ অতিকৈ উদণ্ড আৰু গুণ্ডা প্ৰকৃতিৰ লোক। মহিলাগৰাকীৰ স্বামী কাৰ্তিক দেবনাথে নিজৰ কষ্টোপাৰ্জিত ধনেৰে নিৰ্মাণ কৰা এক বাসগৃহত বসবাস কৰি আহিছিল। পৰবৰ্তী সময়ত কনিষ্ঠ পুত্ৰ অপ্পু দেবনাথে বিবাহ পাশত আবদ্ধ হোৱাৰ পিছতেই যেন ঘোৰ অমানিশা নামি আহে পিতৃ-মাতৃৰ জীৱনলৈ।বিয়াৰ পিছৰে পৰা অপ্পু দেবনাথে অত্যাচাৰ আৰম্ভ কৰে পিতৃ-মাতৃৰ ওপৰত।উদ্দেশ্য মাথো এটায়ে যে কেনেকৈ ঘৰৰ পৰা পিতৃ-মাতৃক খেদি ঘৰৰ লগতে সমস্ত সম্পত্তি নিজৰ নামত কৰিব পাৰি।
ইয়াৰ বাবে অপ্পু দেবনাথে নিতৌ নিশা মদৰ নিচাত মাতল হৈ ঘৰৰ আচবাব ভাঙি লণ্ড -ভণ্ড কৰাৰ লগতে প্ৰহাৰ কৰিছিল পিতৃ-মাতৃক। স্থানীৰ ৰাইজৰ হকা বাধাত ঘটনাৰ কিছু সাম কাটিছিল যদিও বৰ্তমান চৰমসীমা অতিক্ৰম কৰিলে পুত্ৰ অপ্পু দেবনাথৰ অত্যাচাৰে। বিগত দুদিন পূৰ্বে অপ্পু দেবনাথে মাটিৰ কাগছত চহী নকৰাৰ বাবে মাতৃ উষা দেবনাথক ইটাৰে মৰিয়াই মৰিয়াই ভাঙিলে মাতৃৰ ভৰি। ইমানতে ক্ষান্ত নাথাকি অপ্পু নামৰ এই পাশণ্ডটোয়ে মাতৃ কাটিবলৈ চোকা দাৰে আক্ৰমণ কৰাত নিজ পত্নীক বচাবলৈ গৈ পিতৃ কাৰ্তিক দেবনাথ আঘাট প্ৰাপ্ত হয়। গাঁৱৰ ৰাইজৰ সহযোগত বৃদ্ধ দম্পতি হালৰ প্ৰাণ ৰক্ষা পৰে আৰু ততাতৈয়াকৈ তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰাই গাঁৱৰ ৰাইজে। ইয়াৰ পিছতো যেন শান্ত নহ’ল অপ্পু দেবনাথৰ খং। পুনৰ ঘৰত প্ৰবেশ কৰিলেই পিতৃ-মাতৃক দাৰে কাটি পেলোৱাৰ হুংকাৰ কুলাংগাৰ পুত্ৰ অপ্পু দেবনাথৰ।
বৰ্তমান বৃদ্ধ দম্পতী হালে নিজৰ প্ৰাণৰ মমতাত লংকা আৰক্ষীৰ সহায় বিচৰাৰ লগতে নিজৰ আপোন ঘৰ খনত শান্তিৰে জীৱন নিৰ্বাহ কৰিব পৰাকৈ সুবিধা কৰি দিবলৈ সংবাদ মাধ্যমক আহ্বান জনায়।












