![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
বিশ্বত অমিক্ৰণে আতংকৰ সৃষ্টিৰ কৰা সময়ত ৰাজ্য স্বাস্থ্যখণ্ড বাবে ভাল খবৰ। ৰাজ্য স্বাস্থ্য বিভাগৰ সবল নেতৃত্বত অসমত প্ৰথমপালি কভিড ভেকিচিন প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ। শনিবাৰে দিছপুৰ জনতা ভৱনত মুখ্যমন্ত্ৰীৰ ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত ঘোষণা কৰে এই কথা। ৰাজ্য অসামৰিক বঁটা ঘোষণা বাবে আয়োজিত বিশেষ সংবাদমেলখনত মুখ্যমন্ত্ৰী শৰ্মাই কয়- অসমে প্ৰথমপালিৰ কভিড ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। দ্বিতীয়পালি সময়ত শেষ কৰিম’।
উল্লেখ্য যে স্বাস্থ্য বিভাগে ঘৰে ঘৰে গৈ কিছুদিনৰ পৰা প্ৰদান কৰিছিল কভিড ভেকচিন। আজিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া। তাৰ মাজতে ডঃ শৰ্মাই ঘোষণা কৰিছে এই কথা।













